NORTHEAST NOW (Assamese)
অসম

কাইলৈ ধৰ্মঘটৰ ফলত অচল হৈ পৰিব দেশৰ বেংক সেৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 3:21 pm
centralbank-image

কাইলৈ অৰ্থাৎ ২৬ নৱেম্বৰত কেইবাটাও ট্ৰেড ইউনিয়নে জনোৱা দেশ জোৰা ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে অচল হৈ পৰিব বেংক সেৱা।

ট্ৰেড ইউনিয়নৰ ধৰ্মঘটৰ প্ৰতি অল ইণ্ডিয়া বেংক এমপ্ল’য়িজ এছ’চিয়েচনে জনোৱা সমৰ্থনৰ বাবেই বেংকৰ কাম-কাজ বন্ধ হৈ পৰিব।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে লোকসভাত গৃহীত কৰা তিনিখনকৈ শ্ৰম আইনে দেশৰ শ্ৰমিকসকলৰ অধিকাৰ কাঢ়ি নিব বুলি আশংকা কৰি সেই আইন তিনিখনৰ বিৰোধিতা কৰি আহিছে দহটাৰো অধিক ট্ৰেড ইউনিয়নে।

নতুন শ্ৰম আইন কেইখনে শ্ৰমিকৰ অধিকাৰ হৰণ কৰাৰ বিপৰীতে কৰ্প’ৰেটক উপকৃত কৰিব বুলি ট্ৰেড ইউনিয়ন সমূহে মন্তব্য কৰি আহিছে।

অল ইণ্ডিয়া বেংক এমপ্ল’য়িজ এছ’চিয়েচনেও ট্ৰেড ইউনিয়ন সমূহৰ আশংকাকে ব্যক্ত কৰি কৈছে যে চৰকাৰে এনে আইনৰ জৰিয়তে শ্ৰমিক-কৰ্মচাৰীৰ ন্যায় প্ৰাপ্তিৰ দুৱাৰ বন্ধ কৰিব বিচাৰিছে।

উল্লেখ্য সমগ্ৰ দেশতে অল ইণ্ডিয়া বেংক এমপ্ল’য়িজ এছ’চিয়েচনৰ প্ৰায় ১০ লাখ সদস্য আছে।

ষ্টেট বেংক আৰু ইণ্ডিয়ান অভাৰচীজ বেংকক বাদ দি দেশৰ প্ৰায় ভাগ ৰাষ্ট্ৰীয়কৃত বেংক, পুৰণি ব্যক্তিগত খণ্ডৰ বেংক, গ্ৰামীণ বিকাশ বেংক আদি অল ইণ্ডিয়া বেংক এমপ্ল’য়িজ এছ’চিয়চেনৰ সদস্য বেংক।