NORTHEAST NOW (Assamese)

বৃহৎ লোকচানৰ মুখামুখি ভাৰতীয় বেংকব্যৱস্থা! ২০২৪ বিত্তীয় বৰ্ষত ১.৭ ট্ৰিলিয়ন টকাৰ ঋণ কৰি দিয়া হ’ল বন্ধ

November 28, 2024 12:59 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বৃহৎ বিপৰ্যয়ৰ সন্মুখীন ভাৰতীয় বেংক! ভাৰতীয় বেংকসমূহে ২০২৩-২৪ বিত্তীয় বৰ্ষত ১.৭ ট্ৰিলিয়ন টকাৰ ঋণ বন্ধ কৰি দিছে, যিটো যোৱা বছৰৰ তুলনাত (২.০৮ ট্ৰিলিয়ন টকা) কম। যোৱা পাঁচ বছৰত এইটোৱেই হৈছে আটাইতকৈ কম ঋণৰ ৰাইট অফ।

২০২০ চনত সৰ্বাধিক ২.৩৪ ট্ৰিলিয়ন টকাৰ ৰাইট অফ হোৱাৰ পাছত ২০২১ চনত ২.০৩ ট্ৰিলিয়ন টকা আৰু ২০২২ চনত ১.৭৫ ট্ৰিলিয়ন টকাৰ ঋণ ৰাইট অফ হয়। ৰাজহুৱা খণ্ডৰ বেংকৰ ভিতৰত পঞ্জাৱ নেশ্যনেল বেংকে সৰ্বাধিক ১৮,৩১৭ কোটি টকাৰ ঋণ বাতিল কৰাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বেংকৰ ভিতৰত এইচ ডি এফ চি বেংকে ১১,০৩০ কোটি টকাৰ ঋণ বন্ধ কৰি দিয়ে।

এই বছৰ বেংকৰ ৰাইট অফ ১৮.২% হ্ৰাস পাইছে যদিও ২০%তকৈ অধিক বেংকে এই পৰিমাণ বৃদ্ধি হোৱা দেখা গৈছে। ঋণ ৰাইট অফ কৰাৰ অৰ্থ হ’ল বেংকে ইয়াক লোকচান বুলি গণ্য কৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ঋণ লোৱাজনে ঋণ পৰিশোধ নকৰে। ঋণ বন্ধ কৰাৰ উদ্দেশ্য বেংকৰ বেলেন্স শ্বীট পৰিষ্কাৰ কৰা, অৱশ্যে বেংকে আদায়ৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব পাৰে।

কিন্তু বিগত পাঁচ বছৰত বন্ধ হোৱা ঋণৰ ৮১.৩০% ঋণ আদায় কৰাত ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হৈছে বেংকসমূহে।

Related News