NORTHEAST NOW (Assamese)

কানাড়া সাহিত্যিক বানু মুস্তাকলৈ তেওঁৰ ‘হাৰ্ট লেম্প’ চুটিগল্প সংকলনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

May 21, 2025 9:02 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2025 10:03 am

২০২৫ বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিছে কানাড়া সাহিত্যিক বানু মুস্তাকে। তেওঁৰ ‘হাৰ্ট লেম্প’ চুটিগল্প সংকলনৰ বাবে এই বঁটা লাভ কৰিছে। মঙলবাৰে নিশা লণ্ডনৰ টেট মডাৰ্ণত অনুষ্ঠিত এক অনুষ্ঠানত মুস্তাকে তেওঁৰ অনুবাদক দীপা ভাষ্টিৰ সৈতে এই বঁটা গ্ৰহণ কৰে।

 সাহিত্যিকগৰাকীয়ে বঁটাগ্ৰহণ কৰি এয়া বৈচিত্ৰ্যৰ জয় বুলি অভিহিত কৰে। তেওঁ কয় যে এই গ্ৰন্থখনৰ জন্ম হৈছে এই বিশ্বাসৰ পৰা যে কোনো কাহিনী কেতিয়াও সৰু নহয়, মানৱ অভিজ্ঞতাৰ প্ৰতিটো ক্ষণৰ ওজন গুৰুত্বপূৰ্ণ। তেওঁৰ মতে, “বিভাজিত কৰিবলৈ চেষ্টা কৰা পৃথিৱীত সাহিত্যই এনে এক পবিত্ৰ স্থান হৈয আছে, য’ত আমি ইজনে সিজনৰ মনৰ ভিতৰত কিছু পৃষ্ঠাৰ বাবেও হ’লেও থাকিব পাৰো।

উল্লেখ্য যে এই বঁটাৰ বাবে মনোনিত অন্যান্য সংকলনৰ ভিতৰত আছে ভিনচেণ্ট ডেলেক্ৰ’ইছৰ ‘স্মল ব’ট’ (ফৰাচীৰ পৰা হেলেন ষ্টিভেনছনৰ অনুবাদ), হিৰোমি কাৱাকামিৰ ‘আণ্ডাৰ দ্য আই অৱ দ্য বিগ বাৰ্ড’ (জাপানীৰ পৰা আছা যোনেডাৰ অনুবাদ), ভিনচেনজো লেট্ৰনিকোৰ ‘পাৰফেকচন’ (ইটালীয়ৰ পৰা ছফী হিউজৰ অনুবাদ), আৰু এন্নে চেৰেৰ ‘এ লিঅ’পাৰ্ড-স্কিন হেট’ (ফৰাচীৰ পৰা মাৰ্ক হাচিনছনৰ অনুবাদ)।প্ৰসংগক্ৰমে ২০২২ চনত গীতাঞ্জলি শ্ৰী আৰু অনুবাদক ডেইজী ৰকৱেলে হিন্দী উপন্যাস ‘টুম্ব অৱ ছেণ্ডৰ বাবে এই পুৰস্কাৰ লাভ কৰিছিল। ২০২৩ চনত পেৰুমাল মুৰুগানৰ তামিল উপন্যাস ‘পাইৰে অনিৰুদ্ধ বাসুদেৱৰ ইংৰাজী অনুবাদে লংলিষ্টত স্থান পাইছিল।

Related News