NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত কা’ৰ বিৰুদ্ধে ওলাই আহিল বাপ্তিষ্ট সমাজ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ December 19, 2019 2:03 pm
শিৱসাগৰত কা’ৰ বিৰুদ্ধে ওলাই আহিল বাপ্তিষ্ট সমাজ

বুধবাৰে সন্ধিয়া শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলিৰ উদ্যোগত সমগ্ৰ শিৱসাগৰ চহৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। শিৱসাগৰৰ কেইবা শতাধিক খ্ৰীষ্টান ধৰ্মালম্বীলোকে হাতে হাতে মমবাতী লৈ এই সমদলত অংশগ্ৰহণ কৰে।

ভাৰতীয় ধৰ্মনিৰপেক্ষতা স্বৰূপ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, অসমীয়া ভাষাৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানি লওক,  আমাক কা’ নালাগে আদি শ্লগানেৰে খ্ৰীষ্টমাছৰ প্ৰাকঃক্ষণত শিৱসাগৰৰ ৰাজ পথত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীয়ে।

আনহাতে শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ মহিলা সকলে ক্যেৰল পৰিবেশন কৰি কা’ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কা’ বিৰোধী এই  সমদলত পুৰুষ মহিলা তথা শিশুৰ পৰা বৃদ্ধলৈকে অংশগ্ৰহণ কৰে।