NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত চিকাৰীৰ শেলত নিথৰ হ’ল সুগৰী পহুৰ শৰীৰ; এজন চিকাৰীক আটক

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা April 21, 2019 4:56 pm
KIlled Deer

বনৰীয়া জীৱ-জন্তু চিকাৰ কৰাৰ মানুহৰ প্ৰাচীন প্ৰবৃত্তি আৰু অভ্যাসৰ “নিবৃত্তি” এতিয়াও সম্পূৰ্ণকৈ হোৱা নাই। প্ৰবৃত্তি, অভ্যাস, অজ্ঞতাৰ বলি হৈ থকা বহু জনসমষ্টিয়ে এতিয়াও বনৰীয়া জন্তু ধৰিবলৈ বা মাৰিবলৈ দল বান্ধি হাবিলৈ যায়।

পিছে বুধিয়ক মানুহৰ ওচৰত অসহায় বনৰীয়া জীৱ-জন্তুবোৰক আইনে কিছু হ’লেও সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিছে। ফলত চিকাৰীৰ আদিম প্ৰবৃত্তিৰ সাময়িক উত্তেজনা-আনন্দ কেতিয়াবা হৈ পৰে “জেইল ভাত”ৰ অন্য নাম।

তেনেকুৱা এটা ঘটনাত কলিয়াবৰৰ বৰভগীয়াত এটা মতা, প্ৰাপ্তবয়স্ক সুগৰী পহুৰ মৃত্যু হয়, চিকাৰী বন্দী হয় আৰক্ষীৰ হাতত।

শনিবাৰ (২০ এপ্ৰিল, ২০১৯) ঘটনাটোত আটক হোৱা লোকজনৰ নাম ধনীৰাম ক্ৰ’ আৰু তেওঁ চিকাৰী দলটোৰ এজন সদস্য। আটক কৰিব লগীয়া আন ১৫-১৬জন লোকৰ নাম বনবিভাগ আৰু আৰক্ষীয়ে সাজু কৰা বুলি জানিব পৰা গৈছে।

ঘটনাটোৰ সন্দৰ্ভত কলিয়াবৰৰ বৰভগীয়া গাঁৱৰ স্থানীয় ৰাইজে জনোৱা মতে, শনিবাৰে আবেলি বামুণীৰ চিকাৰী চাঙৰ ১৫ পৰা ২০জনীয়া এটা চিকাৰীৰ দলে হাতে হাতে শেল লৈ বনৰীয়া গাহৰি চিকাৰ কৰিবলৈ আহিছিল।

Dhaniram Kro
গ্ৰেপ্তাৰ হোৱা ধনীৰাম ক্ৰ’।

কিন্তু বনৰীয়া গাহৰি নাপালে, তাৰ সলনি এটা প্ৰকাণ্ড সুগৰী পহু দেখে আৰু খেদি খেদি আক্ৰমণ কৰে।

চিকাৰী দলটোৰ এজন “হাতপোন” চিকাৰীয়ে নিক্ষেপ কৰা শেলে ভেদি গৈছিল সুগৰী পহুটোৰ পেট। তাৰ পিছতে হুৱা-দুৱা লাগে কলিয়াবৰৰ বৰভগীয়া গাঁৱত। লগে লগে বনবিভাগক খবৰ দিয়া হয়।

শেলৰ প্ৰহাৰত গুৰুতৰভাৱে আহত সুগৰী পহুটোক বনবিভাগে চিকিৎসাৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও আদবাটতে মৰে।

ঘটনা সংঘটিত কৰাৰ পিছতহে “হুঁচ অহা” চিকাৰীৰ দলটোৰ অধিকাংশ সদস্যই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কিন্তু ধনীৰাম ক্ৰ’ নামৰ দলটোৰ এজনক ৰাইজে কৰায়ত্ত কৰি বনবিভাগক চমজাই দিয়ে। দুডালকৈ শেলো উদ্ধাৰ কৰে।

শিলঘাট বনবিভাগে ধনীৰাম ক্ৰ’ নামৰ এই চিকাৰীজনক গ্ৰেপ্তাৰ কৰি বন্যপ্ৰাণী আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। অন্যান্য অভিযুক্তসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বন বিভাগে।