NORTHEAST NOW (Assamese)
অসম

দেশৰ ভিতৰত প্ৰথম জিলা ভিত্তিক খাদ্যমেলা অনুষ্ঠিত হ’ব বৰপেটাত; জিলা প্ৰশাসনৰ প্ৰস্তুতি তুংগত

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস June 12, 2019 5:26 pm
WhatsApp Image 2019-06-12 at 4.17.20 PM

সঠিক ভোজন, সুৰক্ষিত ভোজন আৰু পুষ্টিকৰ ভোজন সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অহা ১৪ জুনত দেশৰ ভিতৰত জিলা ভিত্তিক প্ৰথম খাদ্যমেলা বৰপেটাত অনুষ্ঠিত হ’ব৷

আজি দিনৰ ১২  বজাত জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা জানিবলৈ দিয়ে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই৷

ভাৰত চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া খাদ্য মেলাখনৰ বিভিন্ন প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰাৰ লগতে জিলা পুথিভড়াল প্ৰেক্ষাগৃহত ১৪ জুনত হ’বলগীয়া খাদ্য মেলাখনত ৰাইজৰ উপস্থিতি আৰু সহযোগ কামনা কৰে উপায়ুক্ত গৰাকীয়ে৷

সংবাদ মেলত ‘চেন্টাৰ ফৰ চাচটেইনেবল ডেভলপমেন্ট গোলচ’ (center for sustainable development goals)ৰ বিষয়া জে চি ফুকন, ফুড এণ্ড নিউট্ৰিচন চিকিউৰিটিৰ সঞ্চালক ডা০ সুজিত ৰঞ্জনে অংশ গ্ৰহণ কৰি খাদ্যমেলাখনৰ প্ৰাসংগিকতাৰ ওপৰত বক্তব্য আগবঢ়ায়৷

সংবাদ মেলখনত জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়া, অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা উপস্থিত থাকে৷

উল্লেখযোগ্য যে, খাদ্যমেলাৰ লগত সংগতি ৰাখি যোগ, বাটৰ নাট, চাইকেল ৰেলী, মুকলি সভাৰ লগতে বিভিন্ন সংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷