NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয়তাবাদী হ’বলৈ গৈ অগপই হেৰুৱাইছে আঞ্চলিকতাবাদী তত্ত্ব: মনোৰঞ্জন তালুকদাৰ

May 5, 2024 12:57 pm · পুলেন্দ্ৰ দাস, বৰপেটা

ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ আজি প্ৰচাৰৰ অন্তিম দিন ৷ প্ৰচাৰৰ অন্তিম দিনা আজি বৰপেটাত বিশাল ৰেলী উলিয়ায় বৰপেটা সমষ্টিৰ চি পিআই(এম)ৰ প্ৰাৰ্থী মনোঞ্জন তালুকদাৰ ৷

ৰেলী আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত সংবাদ মাধ্যমৰ আগত চি পি আই(এম)ৰ প্ৰাৰ্থী মনোঞ্জন তালুকদাৰে কয় যে, বৰপেটাত অগপৰ প্ৰাৰ্থী গৰাকী দুৰ্বল বুলি ৰাইজৰ মাজত চৰ্চা হৈছে ৷

অগপ সন্দৰ্ভত মনোৰঞ্জন তালুকদাৰে কয় যে, অগপই ৰাষ্ট্ৰীয়তাবাদী হ’বলৈ গৈ আঞ্চলিকতাবাদী তত্ত্ব হেৰুৱাই পেলাইছে ৷ অগপই বিজেপিৰ প্ৰতিটো দুস্কাৰ্যক সমৰ্থন কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে।

লগতে পঢ়কঃ নৰেন্দ্ৰ মোদীয়ে কিয় গুজৰাটৰ পৰা নিৰ্বাচন নেখেলে? কাৰণ জনাই সৰৱ প্ৰিয়ংকা গান্ধী

তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে অসম চুক্তিক আঘাত কৰাৰ পিছতো অগপই মৌন হৈ আছিল ৷ অগপৰ এনে কাৰ্যক ৰাইজে চাই আছে আৰু নিৰ্বাচনত ৰাইজে অগপক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি কয় মনোৰঞ্জন তালুকদাৰে ৷

আনহাতে, এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত ৰাইজৰ উন্মাদনাও নাই আৰু সমাগমো নাই বুলি কটাক্ষ কৰে তালুকদাৰে৷ 

Related News