NORTHEAST NOW (Assamese)
অসম

৫০০ কোটিটকীয়া বীমা কেলেংকাৰি : ন্যায়ালয়ত অভিযোগনামা দাখিল বৰপেটা আৰক্ষীৰ

Posted by: এন ই নাও নিউজ November 16, 2018 10:36 am
dc16aea0-233a-44d3-818a-8f8ba2e6c0da-750x375

ৰাজ্যত সংঘটিত ৫০০ কোটিটকীয়া বীমা কেলেংকাৰিৰ সন্দৰ্ভত বৰপেটাৰ আৰক্ষীয়ে ন্যায়ালয়ত অভিযোগনামা দাখিল কৰিছে। বৰপেটা আৰক্ষীয়ে নিজাববীয়াকৈ ১৯০৭/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি চলোৱা প্ৰায় দুমাহজোৰা তদন্তৰ অন্তত  বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ১৮ পৃষ্ঠাৰ এই চাৰ্জশ্বীট দাখিল কৰে ।

মৃত লোকৰ নামত বীমাৰ জৰিয়তে চৰকাৰী চিকিৎসক, আৰক্ষী, বীমা কোম্পানীৰ এজেন্ট, চৰকাৰী গাঁওবুঢ়াকে ধৰি এটা চক্ৰই প্ৰায় ৫০০ কোটি টকীয়া এক বৃহৎ কেলেংকাৰীটো সংঘটিত কৰিছিল।

আৰক্ষীয়ে ৬০জন সাক্ষীৰ সাক্ষ্য, ফৰেনচিকৰ প্ৰতিবেদন আৰু প্ৰামাণিক নথি-পত্ৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ১৫জন ব্যক্তিক অভিযুক্ত কৰি এই চাৰ্জশ্বীট দাখিল কৰে। বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে মৃত ব্যক্তিৰ নামত ভুৱা পলিচী খুলি এটা বৃহৎ চক্ৰই বীমা কোম্পানীসমূহৰ পৰা ৰাজ্যখনৰ কেইবাখনো জিলাত সংঘটিত লাখ লাখ টকা উলিয়াই নিয়াৰ এই কেলেংকাৰি সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ সচিব জিতুল ডেকাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন দাখিল কৰিছিল। ইয়াৰ পাছতে বৰপেটা আৰক্ষীয়ে জিলাখনত সংঘটিত বীমা কেলেংকাৰিৰ নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছিল।

বৰপেটা আৰক্ষীয়ে এই গোচৰৰ তদন্ত চলাই বীমা কোম্পানীসমূহ আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতলৰ পৰা বহু নথি পত্ৰ জব্দ কৰে। তদুপৰি আৰক্ষীয়ে কেইবাগৰাকী লোকৰ বেংকৰ পাছবুকো জব্দ কৰে। সমগ্ৰ নথি-পত্ৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত আৰক্ষীয়ে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু মন্দিয়া খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ দুজন চিকিৎসক, গাঁওবুঢ়া, বীমা কোম্পানীৰ এজেণ্ট আৰু মৃত ব্যক্তিৰ পত্নীসহ ১৫জন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।

অৱশ্যে,আৰক্ষীয়ে এই কেলেংকাৰিৰ মূল অভিযুক্ত মানিক আলী আৰু আবু বক্কৰ ছিদ্দিকক এতিয়াও আটক কৰিব পৰা নাই।

আনহাতে, আৰক্ষীয়ে আদালতত চাৰ্জশ্বিট দাখিল কৰিলেও কেলেংকাৰী তদন্ত অব্যাহত থাকিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই ৷