NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত ৰাখক শান্তিপূৰ্ণ প্ৰতিবাদ : বৰষা ৰাণী বিষয়া

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য January 4, 2020 7:26 am
Story-15-1140x570

বৰষুণ তথা ডাৱৰীয়া বতৰৰ মাজতে মৰিয়নিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎসংখ্যক লোকে শুকুৰবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে।

স্থানীয় লোকৰ সহযোগত শিল্পী সমাজে আয়োজন কৰা প্ৰতিবাদী সভাত প্ৰতিবাদকাৰীসকলে অভিনেত্ৰী বৰষা ৰাণী বিষয়া, অমৃতা গগৈ আৰু কণ্ঠশিল্পী জয়ন্ত নাথৰ বক্তৃতা মনোযোগেৰে শুনে।

অভিনেত্ৰী বৰষা ৰাণী বিষয়াই তেওঁৰ বক্তৃতাত ৰাইজক কা’ৰ বিৰুদ্ধে  শান্তিপূৰ্ণভাৱে প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

‘’যেতিয়ালৈকে কা বাতিল নহয়, প্ৰতিবাদ অব্যাহত ৰাখক কিন্তু শান্তিপূৰ্ণভাৱে কৰক আৰু আপোনালোকৰ প্ৰতিবাদ পৰিত্যাগ নকৰিব। প্ৰতিবাদক বিভাজিত তথা দমন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা কৌশলত ভোল নাযাব,’’-বৰষাই কয়।

প্ৰতিবাদী সভাত প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শ্ল’গান দি পৰিৱেশ মুখৰ কৰি তোলে।

কেইবাগৰাকীয়ো বক্তাই কয় যে অহা বিধানসভাৰ নিৰ্বাচনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ অনুগামীসকলক এক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ সাজু আছে।