NORTHEAST NOW (Assamese)

১৬ বছৰ পূৰ্বে পিতৃৰ বিৰুদ্ধে আৰু এতিয়া পুত্ৰৰ সৈতে বেটিং কৰি ইতিহাস গঢ়িলে উথাপ্পাই

October 16, 2020 12:18 pm · এন ই নাও নিউজ
Updated: October 18, 2020 3:53 pm

য়ুনাইটেড আৰব এমিৰেটছ চমুকৈ য়ু এ ইত চলি থকা আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটো কেইবাটাও বিশেষ কাৰণৰ বাবে স্মৰণীয় হৈ ৰ’ব।

প্ৰতিযোগিতাখনত কেইবাজনো ক্ৰিকেটাৰে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ ৰাজস্থান ৰয়েলছ দলৰ ক্ৰিকেটাৰ ৰবিন উথাপ্পাই এক অনন্য কৃতিত্বৰ অধিকাৰী হয়।

১৬ বছৰ পূৰ্বে পিতৃৰ বিৰুদ্ধে আৰু এতিয়া পুত্ৰৰ সৈতে বেটিং কৰি উথাপ্পাই আই পি এলত এক ইতিহাস ৰচনা কৰে।

ৰাজস্থানে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচখনত উথাপ্পাই ৰিয়ান পৰাগৰ সৈতে বেটিং কৰাৰ লগে লগে এই বিৰল কৃতিত্বৰ অধিকাৰী হয়।

উথাপ্পাই ১৬ বছৰ পূৰ্বে ৰিয়ান পৰাগৰ পিতৃ পৰাগ দাসৰ সৈতেও খেলিছিল। পাৰ্থক্য এটাই আছিল যে উথাপ্পাই তেতিয়া ৰিয়ানৰ পিতৃৰ বিৰুদ্ধে এখন মেচত অৱতীৰ্ণ হৈছিল।

দিল্লীৰ বিৰুদ্ধে খেলা মেচখনত সঞ্জু ছেমছনৰ ৰূপত ৰাজস্থানৰ চতুৰ্থটো উইকেট পতনৰ পিছতে বেটিং কৰিবলৈ আহে ৰিয়ান পৰাগ। তেতিয়া ক্ৰিজত উথাপ্পা আৰু ৰিয়ান আছিল।

পঞ্চম উইকেটৰ বাবে দুয়োৰে মাজত ১৩ ৰানৰ পাৰ্টনাৰশ্বিপ হয়। অৱশ্যে মেচখনত ৰিয়ানে ১ ৰান কৰাৰ পিছতে ৰান আউট হৈ পেভেলিয়নলৈ উভতি যায়।

Related News