NORTHEAST NOW (Assamese)
অসম

সাংগঠনিক নিষ্ক্ৰীয়তাৰ বাবে বৃঃ অঃ যুঃ মঃৰ গোলাঘাট জিলা সমিতি ভংগ

Posted by: এন ই নাও নিউজ January 19, 2019 9:16 pm
সাংগঠনিক নিষ্ক্ৰীয়তাৰ বাবে বৃঃ অঃ যুঃ মঃৰ গোলাঘাট জিলা সমিতি ভংগ

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে আজি এক প্ৰেছ বিবৃতিযোগে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিখন ভংগ কৰা বুলি ঘোষণা কৰে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে আজি এক প্ৰেছ বিবৃতিত গোলাঘাট জিলা সমিতিখনৰ সচিব প্ৰধান মৃদুল হাজৰিকাৰ নেতৃত্বত সংগঠনটোৰ সাংগঠনিক ভেটি নিষ্ক্ৰীয়তা, বিভিন্ন বিত্তীয় কেলেংকাৰীত জড়িত আৰু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অৱমাননা কৰাৰ বাবে তৎকালে কাৰ্যকৰী হোৱাকৈ ভংগ কৰা বুলি ঘোষণা কৰে।

লগতে প্ৰেছ বিবৃতিটোত অতি শীঘ্ৰেই গোলাঘাট জিলাৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিক একত্ৰিত কৰি এখন নতুন সমিতি গঠন কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে গোলাঘাটবাসী ৰাইজক সংগঠনটোৰ গোলাঘাট সমিতিৰ লগত যোগাগোগ নাৰাখিবলৈও অনুৰোধ জনায়।