NORTHEAST NOW (Assamese)
অসম

চলিয়েই আছে ড্ৰাগছৰ বেহা! কাছাৰ আৰু কাৰ্বি আংলঙত জব্দ ১১ কোটি টকাৰ ড্ৰাগছ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 8, 2025 9:12 am
চলিয়েই আছে ড্ৰাগছৰ বেহা! কাছাৰ আৰু কাৰ্বি আংলঙত জব্দ ১১ কোটি টকাৰ ড্ৰাগছ

অসম আৰক্ষীয়ে কাছাৰ আৰু কাৰ্বি আংলং জিলাত তিনিটাকৈ পৃথক অভিযান চলাই ১১ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিছে। ইয়াৰ উপৰিও চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

প্ৰথম অভিযানত কাছাৰ আৰক্ষীয়ে দীঘৰ ফুলাৰটল অঞ্চলৰ পৰা ৫.১ কোটি টকা মূল্যৰ ১.১৭ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে।

সোণাই থানাৰ অধীনস্থ ধনেহৰীত দ্বিতীয়বাৰৰ বাবে অভিযান চলাই ৩৮ লাখ টকাৰ ৭৩.৯৭ কেজি গাঞ্জা জব্দ কৰে।

তৃতীয়টো অভিযানত কাৰ্বি আংলঙৰ দিল্লাই তিনিআলিত কাৰ্বি আংলং আৰক্ষীয়ে এখন বাছ আটক কৰি ১.২২ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে, যাৰ মূল্য ৬ কোটি টকা।

এই সফল অভিযানক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছ’চিয়েল মিডিয়াযোগে তেওঁ অসম আৰক্ষীক অভিনন্দন জনায়।