NORTHEAST NOW (Assamese)
অসম

কৃষক বিদ্ৰোহে উত্তাল কৰি ৰখা ৰাজধানী চহৰ দিল্লীত আইইডি বিস্ফোৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2021 6:34 pm
blast

গণৰাজ্য দিৱসৰ দিনা সৃষ্টি হোৱা অনাহুত পৰিস্থিতিৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই আজি সন্ধিয়া এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপি উঠিল দেশৰ ৰাজধানী চহৰ দিল্লী।

দিল্লীৰ বিজয় চ’কৰ প্ৰায় সমীপতে থকা ইজৰাইলৰ দূতাবাসৰ ওচৰতে আজি সন্ধিয়া ৫.০৫ বজাত সংঘটিত হয় আইইডি বিস্ফোৰণটো।

বিস্ফোৰণৰ ফলত পাঁচ খন বাহন ক্ষতিগ্ৰস্ত হয় যদিও কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই।

কোনে কি উদ্দেশ্যলৈ বোমাটোৰ বিস্ফোৰণ ঘটালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

দিল্লী আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে বোমাটো কম প্ৰাৱল্যৰ আছিল আৰু ইয়াক ফুটপাথৰ কাষতে স্থাপন কৰা হৈছিল।

বিস্ফোৰণৰ পিছতে সমগ্ৰ অঞ্চলটো নিৰাপত্তা বাহিনীয়ে ঘেৰি ধৰিছে।

দিল্লী আৰক্ষীয়ে বিস্ফোৰণৰ ঘটনাটোৰ তদন্তত নামি পৰিছে যদিও কোনো ৰহস্য ভেদ কৰিবলৈ সক্ষম হোৱা নাই।