NORTHEAST NOW (Assamese)
অসম

বি টি চি পৰিদৰ্শন কৰিলে ম্যেগছেছে বঁটা প্ৰাপক সোনম উৱাংচুকে

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী January 29, 2021 7:48 pm
a jadu

লাডাখত সমাজ সেৱামূলক কাম কৰাৰ বাবে” ম্যেগচেচে বঁটা ২০১৮” বঁটা প্ৰাপক সোনম উৱাংচুকে আজি বি টি চি পৰিদৰ্শন কৰে।

তেওঁ বি টি চিৰ প্ৰশাসনিক ব্যৱস্থা , অৰ্থনৈতিক, সামাজিক জীৱন আদিৰ বিষয়ে  বুজ লয়।

বি টি চিৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে আলোচনা কৰা পিছত বি টি চি প্ৰেক্ষাগৃহত বডোলেণ্ডত থকা বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যাপক, বেচৰকাৰী সংস্থা আৰু বুদ্ধিজীৱী সকলৰ সৈতে মিলিত হয় অন্তৰংগ আলাপত।

মত বিনিময়ত সোনম উৱাংচুকে লাডাখৰ বিষয়ে বিষদ ভাৱে প্ৰকাশ কৰি বি টি চিৰ বিভিন্ন বিষয়ৰ বুজ লয়।

অন্তৰংগ আলাপৰ নেতৃত্ব দিয়ে বি টি চিৰ প্ৰধান সচিব সিদ্ধাৰ্থ সিঙে।

উল্লেখ্য শেহতীয়াকৈ বিটিচিৰ পৰ্যটন ক্ষেত্ৰকে ধৰি বাট-পথ আদিৰ চকুত লগা ধৰণে উন্নয়ন হৈছে।

সেয়ে বিটিচিলৈ এতিয়া বাহিৰৰ পৰ্যটকৰ  লগতে ভিন্ ক্ষেত্ৰৰ লোকৰ  আগমণ ঘটিবলৈ ধৰা পৰিলক্ষিত হৈছে।