NORTHEAST NOW (Assamese)
অসম

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা; বাদ পৰিল ৰোহিত, ইশান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 27, 2020 10:10 am
india-png_710x400xt

অহা ডিচেম্বৰত অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে যাবলগীয়া ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰা হৈছে।

ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টেষ্ট, এদিনীয়া আৰু টী-২০ এই তিনিটা ছিৰিজৰ বাবে সুকীয়াকৈ দল নিৰ্বাচন কৰে।

আইপিএলত আঘাতপ্ৰাপ্ত হোৱা আক্ৰমণাত্মক বেটচমেন ৰোহিত শৰ্মাৰ অবিহনেই অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব পাৰে টীম ইণ্ডিয়া। সেইদৰে দুৰন্ত পেচাৰ ইশান্ত শৰ্মাৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত লোৱা হৈছে।

অৱশ্যে, বিচিচিআইৰ মেডিকেল টীমে দুয়োগৰাকী খেলুৱৈ আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিনে দৃষ্টি ৰাখিব। কিন্তু সুস্থ হৈ উঠিলে তেওঁলোকক দলত অন্তৰ্ভুক্ত কৰা হ’বনে নাই সেয়া স্পষ্ট কৰা হোৱা নাই।

আনহাতে আইপিএলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ালেও টেষ্ট দললৈ প্ৰত্যাৱৰ্তন সম্ভৱ নহ’ল শিখৰ ধাৱানৰ। সেইদৰে, অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰো স্থান নহ’ল টেষ্ট দলত।

ঘোষণা কৰা ভাৰতীয় টেষ্ট দলটোত অন্তৰ্ভুক্ত হৈছে- বিৰাট কোহলী (অধিনায়ক), আজিংকা ৰাহানে (উপ-অধিনায়ক), মায়ংক আগৰৱাল, পৃথ্বী শ্ব’, লোকেশ ৰাহুল, চেতেশ্বৰ পুজাৰা, হনুমা বিহাৰী, শুভমন গীল, ঋদ্ধিমান সাহা (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ) যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, উমেশ যাদব, নভদীপ ছাইনী, কুলদীপ যাদৱ, ৰবীন্দ্ৰ জাডেজা, ৰবীচন্দ্ৰন অশ্বিন আৰু মহম্মদ ছিৰাজ।

আনহাতে এদিনীয়া দলটোত নিৰ্বাচিত হৈছে- বিৰাট কোহলী (অধিনায়ক), শিখৰ ধাৱান, শুভমন গীল, লোকেশ ৰাহুল (উপ-অধিনায়ক/উইকেটকীপাৰ), শ্ৰেয়াস আয়াৰ, মনীষ পাণ্ডে, হাৰ্দিক পাণ্ডিয়া, মায়ংক আগৰৱাল, ৰবীন্দ্ৰ জাডেজা, য়ুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী,নৱদীপ ছাইনী আৰু শাৰ্দুল ঠাকুৰ।

সেইদৰে টী-২০ টীমত অন্তৰ্ভুক্ত হৈছে- বিৰাট কোহলী (অধিনায়ক), শিখৰ ধাৱান,মায়ংক আগৰৱাল, লোকেশ ৰাহুল (উপ-অধিনায়ক/উইকেটকীপাৰ),শ্ৰেয়াস আয়াৰ, মনীষ পাণ্ডে, হাৰ্দিক পাণ্ডিয়া, সঞ্জু ছেমছন (উইকেটকীপাৰ),ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, য়ুজবেন্দ্ৰ চাহাল, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী,নৱদীপ ছাইনী, দীপক চাহাৰ আৰু বৰুণ চক্ৰৱৰ্তী।