NORTHEAST NOW (Assamese)

মেলব’ৰ্ণক অতিক্ৰমী বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম হ’ব মটেৰা; ২৪ ফেব্ৰুৱাৰিত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰিব মুকলি

February 19, 2020 12:11 pm · এন ই নাও নিউজ
বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন

২৪ ফেব্ৰুৱাৰিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন শুভ উদ্বোধন কৰিব।

গুজৰাটৰ আহমেদাবাদৰ মটেৰাত পূৰ্বৰ চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়ামৰ ঠাইত নতুন কৈ নিৰ্মাণ হ’বলগীয়া ক্ৰিকেট ষ্টেডিয়ামখন বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম হ’ব বুলি বি চি চি আইয়ে সদৰি কৰিছে।

২০১৭ চনত নতুন ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

উল্লেখযোগ্য যে, এই নতুন ক্ৰিকেট ষ্টেডিয়ামখন বৰ্তমান সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডতকৈও বিশাল।

মেলব’ৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত খেল চাবৰ বাবে একেলগে ১,০০০২৪ গৰাকী দৰ্শক বহিব পৰা ক্ষমতা থকাৰ বিপৰীতে আহমেদাবাদৰ নতুন ষ্টেডিয়ামখনত একেলগে প্ৰায় ১,১০,০০০ দৰ্শক বহিব পাৰিব।

২৪ ফেব্ৰুৱাৰিত ষ্টেডিয়ামখন অনুষ্ঠানিকভাৱে মুকলি হ’বলগীয়া অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাষণ প্ৰদান কৰিব।

কি কি সুবিধা থাকিব বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখনত-

১. একেলগে ১,১০০০০ দৰ্শকে বহি খেল চাব পাৰিব।

২. ষ্টেডিয়ামত মুঠ ১১ খন পিটছ থাকিব আৰু মূল ষ্টেডিয়ামৰ লগত তিনিখন আউটড’ৰ অনুশীলন খেলপথাৰ সংলগ্ন হৈ থাকিব।

৩. ইনড’ৰ ক্ৰিকেট একাডেমী আৰু ছুইমিং পুল।

৪. ৫৫ কোঠাৰ সুবিশা আৰু পঞ্চতাৰকা যুক্ত ক্লাৱ হাউচ।

৫. জিমনেছিয়াম, ফুডকোৰ্ট তথা সুবিশাল অত্যাধুনিক ড্ৰেছিং ৰূম।

৬. ১৩,০০০ গাড়ী পাৰ্কিঙৰ সুবিধা আৰু অন্যান্য সা-সুবিধা উপলব্ধ হ’ব।

নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্য মন্ত্ৰী হৈ থকাৰ সময়তে গুজৰাটত এখন বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ সপোন দেখিছিল।

Related News