NORTHEAST NOW (Assamese)

হিটমেন ৰোহিত শৰ্মালৈ খেলৰত্ন! অৰ্জুন বঁটাৰ বাবে মনোনীত আন তিনিগৰাকী ক্ৰিকেটাৰ

May 31, 2020 10:16 am · এন ই নাও নিউজ
ৰোহিত শৰ্মা। ফটো উৎস-ইণ্টাৰনেট

সন্মানীয় ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে বিচিচিআইয়ে অনুমোদন জনাইছে হিটমেন ৰোহিত শৰ্মাৰ নাম।

আনহাতে, শিখৰ ধাৱান, ইশান্ত শৰ্মা আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ দীপ্তি শৰ্মাৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে।

ভাৰতীয় ক্ৰিকেট দলৰ উপ অধিনায়ক ৰোহিত শৰ্মাই যোৱা কেইবছৰ ধৰি দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱাৰ লগতে কেইবাটাও অভিলেখো গঢ়িছে।

ৰোহিত শৰ্মাই ২০১৯ বৰ্ষৰ আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান লাভ কৰিছিল।

বিশ্ব ক্ৰিকেটত এটা বিশ্বকাপত পাঁচটাকৈ চেঞ্চুৰীৰ অভিলেখৰ গৰাকী ৰোহিত শৰ্মাই অভিষেক টেষ্ট মেচত দুয়োটা ইনিংছতে চেঞ্চুৰী কোবোৱাৰ দৃষ্টান্তও আছে।

আনহাতে, টী-২০ ক্ৰিকেটত চাৰিটাকৈ চেঞ্চুৰীৰ একমাত্ৰ অভিলেখৰ গৰাকী হ’ল ৰোহিত শৰ্মা।

এই সময়ত বিচিচিআইৰ দৃষ্টিত ৰোহিত শৰ্মাৰ বাদে খেলৰত্নৰ বাবে আন কোনো উপযুক্ত খেলুৱৈৰ নাম সন্মুখত নাই।

ইপিনে অৰ্জুন বঁটাৰ বাবে মনোনীত শিখৰ ধাৱানো এগৰাকী দৃঢ় অপেনাৰ। অবিষেত মেচতে চেঞ্চুৰী কৰা শিখৰ ধাৱানে আইচিচি ট্ৰফীত সৰ্বাধিক ৰাম কৰাৰ বাবে একেৰাহে দুবাৰকৈ গ’ল্ডেন বেট লাভ কৰিছিল।

সেইদৰে, ভাৰতীয় দলত বৰ্তমান ছিনিয়ৰ বলাৰ ইশান্ত শৰ্মায়ো বহুদিন ধৰি আন্তৰ্জাতিক মেচত ভাল প্ৰদৰ্শন দেখুৱাই আহিছে।

এছিয়া মহাদেশৰ বাহিৰত ভাৰতীয় পেচাৰসকলৰ ভিতৰত আটাইতকৈ বেছি উইকেট লাভ কৰাৰ অভিলেখ আছে অৰ্জুন বঁটাৰ বাবে মনোনীত ইশান্তৰ।

Related News