NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ ৰোগীৰ অন্তিম সৎকাৰত উপস্থিত থকা ৭০জনৰ ভিতৰত ১৮জন ওলাল পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2020 9:26 am

এগৰাকী মৃত কোভিড-১৯ ৰোগীৰ অন্তিম সৎকাৰত উপস্থিত থকা কমেও ১৮ জন লোকৰ কৰ’না পজিটিভ ধৰা পৰিছে।

মহাৰাষ্ট্ৰৰ থানে জিলাৰ উলহাছনগৰত ঘটিছে এই ঘটনা।

প্ৰশাসনৰ বাধা নিষেধ উলংঘা কৰি প্ৰায় ৭০জন লোক এগৰাকী ৪০বছৰীয়া মহিলাৰ অন্তিম সৎকাৰত উপস্থিত হৈছিল।

বাতৰি অনুসৰি, মহিলাগৰাকীৰ মৃত্যুৰ পাছত পৰীক্ষাত তেওঁৰ দেহত কৰ’না ভাইৰাছ পজিটিভ ধৰা পৰিছিল।

মহিলাগৰাকীৰ মৃতদেহটো পৰিয়ালক গটাই দিয়া হৈছিল আৰু মৃতদেহটো বান্ধি দিয়া বেগটো নুখুলিবলৈ নিৰ্দেশ দিয়া হৈছিল।

কিন্তু পৰিয়ালৰ লোকে যোৱা ২৫ মে’ত মৃতদেহৰ অন্তিম সৎকাৰৰ সময়ত সেইটো খুলিছিল।

আৰক্ষীয়ে প্ৰথমতেই অন্তিম সৎকাৰ সম্পৰ্কে সকীয়াই দিছিল আৰু তাৰ পাছতেই পৌৰ নিগম কৰ্তৃপক্ষই জাননী জাৰি কৰিছিল।

নিকট আত্মীয়কে ধৰি অন্তিম সৎকাৰ উপস্থিত থকা ৭০জন লোকৰ পৰীক্ষা কৰাৰ পাছত শুকুৰবাৰে ১৮জন লোকৰ দেহত পজিটিভ ধৰা পৰে।

ইয়াৰ মাজতে, এপিডেমিক এক্টৰ নিয়ম উলংঘা কৰাৰ বাবে মৃতকৰ পৰিয়ালৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

চলিত মাহৰে প্ৰথমাৰ্দ্ধত এনে এক ঘটনা সংঘটিত হৈছিল য’ত এগৰাকী ৫০ বছৰীয়া ৰোগীৰ কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছত মৃতকৰ পৰিয়ালে অন্তিম সৎকাৰৰ বাবে মৃতদেহটো মুকলি কৰি দিছিল আৰু কমেও ২০জন লোক সংক্ৰমিত হৈ পৰিছিল।