NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত প্ৰখ্যাত অভিনেত্ৰী ৰাধিকা আপ্তে : ব্লে’ণ্ডাৰ্ছ প্ৰাইড মেজিকেল নাইটছৰ ৰেম্পত খোজ দি মুহিলে দৰ্শকক

Posted by: এন ই নাও নিউজ March 25, 2018 5:54 pm

গুৱাহাটীত অনুষ্ঠিত ব্লেণ্ডাৰ্ছ প্ৰাইড মেজিকেল নাইটছৰ ৰেম্পত শনিবাৰে খোজ দিলে প্ৰখ্যাত অভিনেত্ৰী ৰাধিকা আপ্তেই।

দেশৰ বহুকেইখন নগৰত অনুষ্ঠিত হোৱা এই নাইটটো গুৱাহাটীৰ নভতে’ল হটেলত অনুষ্ঠিত হৈছিল।

ডিজাইনাৰ আনন্দ ভূষন আৰু সংগীতকাৰ সৌন্দৰ্য্যই আগবঢ়োৱা এই ব্লেণ্ডাৰ্ছ প্ৰাইড মেজিকেল নাইটছ সমসাময়িক ডিজাইন আৰু সুন্দৰ সংগীতৰ এক সংমিশ্ৰণ।

প্ৰতি বছৰে পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়াই এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে।

চিনে’মাৰ পূৰ্বে নাটকত অভিনয় কৰা ৰাধিকা আপ্তেই হিন্দী ৱাহ! লাইফ হ’ ত’ এইচি! (২০০৫ চন)ত এটা চমু ভূমিকাৰে চিনে’মাত অভিনয় আৰম্ভ কৰিছিল।

হিন্দীৰ উপৰি আপ্তেই তামিল, তেলুগু, মালায়ালম, বাংলা আৰু মাৰাথী ছবিতো অভিনয় কৰিছে।