NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ গঁড় গণনা; চলিব ২৮ মাৰ্চলৈকে

Posted by: উত্তম শইকীয়া March 25, 2018 5:22 pm
Rhino_at_Kaziranga

আজি ২৫ মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে ১৩ সংখ্যক গঁড় গণনা কাৰ্য্যসূচী৷ কাজিৰঙাৰ কহঁৰা ৰে’ঞ্জৰ বন বিভাগৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত গঁড় গণনাত অংশগ্ৰহণ কৰিব লগীয়াসকলৰ বাবে আজি এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়৷

প্ৰশিক্ষণত মুখ্য বন সংৰক্ষক নিৰঞ্জন কুমাৰ বসুয়ে গঁড়ৰ খৰ্গৰ যোগেদি গঁড়ৰ লিংগ নিৰূপণ কেনেকে কৰিব লাগে সেয়া গঁড়ৰ খৰ্গ প্ৰদৰ্শন কৰি বুজাই দিয়ে৷ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই সচিত্ৰ উপস্থাপনেৰে গঁড় গণনাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে।

২৬ মাৰ্চত কাজিৰঙাৰ মাজেদি যোৱা ডিফলু নদীৰ দক্ষিণ পাৰৰ মুঠ ৪৪ টা কম্পাৰ্টমেন্টত আৰু ২৭ মাৰ্চত উত্তৰ পাৰৰ মুঠ ৩৬ টা কম্পাৰ্টমেন্টত হাতী লৈ এই গণনা কাৰ্য চলোৱা হ’ব৷

মূল গণনা হৈ যোৱাৰ পিছত ২৮ মাৰ্চত নিৰ্বাচিত কেইটামান কম্পাৰ্টমেন্টত এক বিশেষ নমুনা জৰীপ কৰা হ’ব৷ সংগৃহীত তথ্যসমূহ বিশ্লেষণ কৰি ২৮ মাৰ্চৰ পিছত কাজিৰঙাৰ গঁড় গণনা, ২০১৮ত পোৱা গঁড়ৰ সংখ্যা চূড়ান্ত কৰা হ’ব৷

গঁড় গণনা, ২০১৮ত বনবিভাগৰ বিভিন্ন বিষয়াৰ লগতে বিভিন্ন বেচৰকাৰী সংগঠন আৰু সাংবাদিকেও অংশগ্ৰহণ কৰিব৷

কাজিৰঙাত পূৰ্বে ২০১৩ চনৰ গণনাত ২,৩২৯ টা আৰু ২০১৫ চনৰ গণনাত ২,৪০১ টা গঁড় পোৱা গৈছিল৷

উল্লেখযোগ্য যে কাজিৰঙাত প্ৰণালীবদ্ধভাৱে গঁড় গণনাৰ কাম ১৯৬৫ চনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল আৰু সেই গণনাত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৩৬৬ টা গঁড় পোৱা গৈছিল৷

পূৰ্বতে কাজিৰঙাত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গঁড় গণনা কৰা হৈছিল যদিও সম্প্ৰতি দুবছৰৰ মূৰে মূৰে গঁড় গণনা কৰা হয়।

প্ৰশিক্ষণৰ আৰম্ভণিতে কাজিৰঙাৰ সঞ্চালক আকাশদীপ বৰুৱাই সকলোকে ১৩ সংখ্যক গঁড় গণনাৰ বাবে আদৰণি জনায়৷ ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ ইন্সপেক্টৰ জেনেৰেল বি কে বাংকোৱাল, বন বিভাগৰ প্ৰধান বন সংৰক্ষক উৎপল বৰা,  বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়াৰ উপৰিও কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাও অনুষ্ঠানটোত উপস্থিত থাকে৷