NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীসহ কেইবাজনো নেতাৰ প্ৰতিমূৰ্তি দাহ

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা December 16, 2021 2:21 pm

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ পল্লৱ লোচন দাস, ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক তেৰচ গোৱালা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰে মাৰ্ঘেৰিটাত আছাৰ উত্তাল প্ৰতিবাদ ।

সংগঠনটোৱে অসমত বসবাস কৰা আদিবাসী সকলৰ জনজাতিকৰণ, জাতিগত প্ৰমাণপত্ৰত Tea Tribe আৰু Ex-Tea Tribe নামেৰে প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ বিৰোধিতা কৰে।

লগতে ভূমি অধিকাৰ, চাহ শ্ৰমিকৰ দৈনিক হাজিৰা বৃদ্ধি, আদিবাসী চেটেলাইট অট’নমাছ কাউন্সিল ,বাগিচা এলেকাৰ বিদ্যালয় আৰু চিকিৎসালয় চৰকাৰীকৰণৰ ক্ষেত্ৰত মাত নমতাৰ অভিযোগত আজি মাৰ্ঘেৰিটা ব্লক তিনি আলিস্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে কেইবাজনো চাহ জনগোষ্ঠীয় মন্ত্ৰী, সাংসদ, মন্ত্ৰী আৰু বিধায়কৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে।