NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত মানৱতাক ভূলুণ্ঠিত : মুখলজ্জা ঢাকিবলৈ নৰ্দমালৈ নিক্ষেপ কৰা নৱজাতকৰ মৃতদেহ উদ্ধাৰ

Posted by: অনন্ত স্মিথ March 25, 2018 5:14 pm
baby_thrown

শিৱসাগৰৰ চহৰৰ ফুকন নগৰৰ বিনু দাস পথত আজি এটি নৱজাতকৰ মৃতদেহ নৰ্দমাত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে। মানৱতাক পদানত কৰা এই জঘন্য ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সচেতন লোকসকলক অতি উদ্বিগ্ন কৰি তুলিছে।

ঘটনাৰ বিৱৰণি মতে, আজি পুৱাই বতাহত ভাহি অহা দুৰ্গন্ধৰ উৎস বিচাৰি স্থানীয় লোকে নৰ্দমা মলিয়ন পানীত ওপঙি থকা এই নৱজাতকৰ মৃতদেহটো দেখা পায়। আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটো এটি সদ্যোজাত কন্যা শিশুৰ বুলি আৰক্ষী নিশ্চিত হৈছে। মৃতদেহটোৰ অৱস্থালৈ চাই তিনি-চাৰি দিন পূৰ্বে নৰ্দমালৈ নিক্ষেপ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷

ঘটনাৰ আঁৰত অবৈধ প্ৰেমৰ পৰিণতি নে বিকৃত যৌনাচৰৰ পৰিণতি এতিয়াও জানিব পৰা হোৱা নাই।

স্থানীয় লোকে সন্দেহ কৰামতে, মুখলজ্জা ঢাকিবলৈ কোনো মানৱতাহীন লোকে এইদৰে নৱজাতকটিক জন্মৰ পিছতে হত্যা কৰি নৰ্দমালৈ নিক্ষেপ কৰিছে। আৰক্ষীৰ সঠিক তদন্তইহে ঘটনাটোৰ আচল সত্য পোহৰলৈ আনিব তথা ইয়াত জড়িত দুৰ্বৃত্তৰ শাস্তিৰ বাট মুকলি কৰিব।

উল্লেখযোগ্য যে ইতিমধ্যে আৰক্ষীয়ে নবজাতকৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷