NORTHEAST NOW (Assamese)

BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ ঘৰত প্ৰৱেশ ঘটিল ক’ৰ’নাৰ

July 16, 2020 11:15 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত ক’ৰ’নাৰ প্ৰকোপ দিনে দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। ইতিমধ্যে সংক্ৰমণৰ সংখ্যাই ৯ লাখ অতিক্ৰম কৰিলে।

ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ ঘৰত প্ৰৱেশ ঘটিছে ক’ৰ’না ভাইৰাছৰ।

গাংগুলীৰ জ্যেষ্ঠ ভাতৃ স্নেহাশীষ গাংগুলী ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ পিছতে তেওঁক চিকিৎসাৰ বাবে হাস্পতাললৈ নিয়া হয়।

সৌৰভ আৰু স্নেহাশীষৰ ঘৰ একেটাই যদিও দুয়ো বেলেগ বেলেগ ফ্ল’ৰত থাকে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে সৌৰভ গাংগুলী হোম কোৱাৰেণ্টাইন হৈ আছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও জুন মাহত স্নেহাশীষ গাংগুলী ক’ভিড-১৯ পজিটিভ বুলি বিভিন্ন মাধ্যমত খবৰ ওলাইছিল। কিন্তু স্নেহাশীষে এই খবৰ মিছা বুলি জনোৱাৰ লগতে ক্ৰিকেট এছ’চিয়েশ্যন অফ বেংগলে এই সন্দৰ্ভত স্পষ্টিকৰণো দিছিল।

বৰ্তমান ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সৌৰভ গাগংগুলীৰ জ্যেষ্ঠ ভাতৃ স্নাহাশীষ গাংগুলী ক্ৰিকেট এছ’চিয়েশ্যন অফ বেংগলৰ সচিব পদত অধিষ্ঠিত হৈ আছে।

Related News