NORTHEAST NOW (Assamese)
Popular Stories

‘এছিয়া কাপ গতাই নিদিলে আইচিচিৰ দ্বাৰস্থ হ’ব ভাৰত’- মহছিন নাকভিক সকীয়নি বিচিচিআই-ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2025 6:29 pm

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী মহছিন নাকভিলৈ আনুষ্ঠানিক ইমেইল লিখি এছিয়া কাপৰ ট্ৰফী ভাৰতক গতাই দিবলৈ আহ্বান জনায়। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ সৈতে হোৱা আছুতীয়া কথোপকথনত কয় যে বিচিচিআই-এ নাকভিৰ পৰা সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে আৰু যদি তেওঁৰ ফালৰ পৰা কোনো উত্তৰ নাথাকে তেন্তে মেইলযোগে বিষয়টো আইচিচিলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে এছিয়া কাপৰ ফাইনেলৰ পাছত হোৱা বটাঁ বিতৰণী অনুষ্ঠানত ভাৰতীয় দলটোৱে নাকভিৰ পৰা ট্ৰফী সংগ্ৰহ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে সম্প্ৰতি ডুবাইস্থিত এছিয়ান ক্ৰিকেট কাউন্সিলৰ কাৰ্যালয়ত এছিয়া কাপ থোৱা আছে।

এই ঘটনাক লৈ বিচিচিআইয়ে শ্ৰীলংকা আৰু আফগানিস্তান ক্ৰিকেট বৰ্ডৰ পৰা সমৰ্থন লাভ কৰিছে বুলি পিটিআইয়ে প্ৰকাশ কৰিছে

এছিয়ান ক্ৰিকেট কাউন্সিলৰ সূত্ৰই কয় যে বিচিচিআইৰ সচিব, বিচিচিআইৰ পৰা এচিচিৰ প্ৰতিনিধি ৰাজীৱ শুক্লা আৰু শ্ৰীলংকা ক্ৰিকেট, আফগানিস্তানকে ধৰি অন্যান্য সদস্য বৰ্ডৰ প্ৰতিনিধিয়ে যোৱা সপ্তাহত ভাৰতক ট্ৰফী প্ৰদানৰ বাবে এচিচিৰ সভাপতিলৈ পত্ৰ লিখিছিল। কিন্তু নাকভিৰ সঁহাৰি আছিল যে বিচিচিআইৰ কোনো প্ৰতিনিধি ডুবাইলৈ আহি তেওঁৰ পৰা ট্ৰফী ল’ব লাগে। গতিকে সেই বিষয়টো এতিয়াও অমীমাংসীত হৈ আছে। বিচিচিআইয়ে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে নাকভিৰ পৰা ট্ৰফী ল’বলৈ ভাৰতীয় ক্ৰিকেট বৰ্ড সন্মত নহয়। গতিকে বিষয়টো সন্দৰ্ভত আইচিচিৰ বৈঠকত সিদ্ধান্ত লোৱাৰ সম্ভাৱনাই বেছি।