NORTHEAST NOW (Assamese)
অসম

অসম চিকিৎসা মহাবিদ্যালয়লৈ বিচিপিএলে আগবঢ়াইছে ১.৫০ কোটি টকাৰ অনুদান

Posted by: অভীক চক্ৰৱৰ্তী Updated by: অভীক চক্ৰৱৰ্তী May 15, 2021 5:08 pm
AMC

ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ ১.৫০ কোটি টকা অনুদান আগবঢ়াইছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড(BCPL)এ।

চিকিৎসা মহাবিদ্যালয়খনৰ জৰুৰী সেৱা বিভাগ আৰু কেজুৱেলিটি বিল্ডিঙৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে বিভিন্ন চিকিৎসা সামগ্ৰী আদি সংগ্ৰহৰ বাবে প্ৰতিষ্ঠানটোৱে চিএছআৰ ফাণ্ডৰ অধীনত এইধন ৰাশি এএমচিএইচলৈ আগবঢ়াইছে।

এএমচিএইচৰ অধ্যক্ষ আৰু মুখ্য অধীক্ষক ড০ সঞ্জীৱ কাকতিয়ে জনোৱা অনুসৰি এখন উচ্চ পৰ্যায়ৰ কাৰিকৰী সমিতিৰ তত্বাৱধানত প্ৰস্তুত কৰা আধাৰ আৰ্হিৰ ভিত্তিত বিচিপিএলক চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৰ্থিক অনুদান বিচাৰি আবেদন দাখিল কৰা হৈছিল।

এএমচিএইচ কৰ্তৃপক্ষৰ এই আবেদনৰ প্ৰতি সহাঁৰি জনাই বিচিপিএলে চিকিৎসা মহাবিদ্যালয়খনলৈ এই ধন ৰাশি আগবঢ়াইছে।

ইফালে কোভিড19 পৰিস্থিতিৰ সৈতে মোকাবিলাৰ কৰাৰ ক্ষেত্ৰত বিচিপিএলে জৰুৰীভাৱে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী আদি ক্ৰয় কৰাৰ বাবেও চিকিৎসালয় পৰিচালনা সমিতিক বিত্তীয় সাহায্য আগবাঢ়ি আহিছে।

এই অনুদান আগবঢ়োৱাৰ বাবে বিচিপিএলক এএমচিএইচৰ অধ্যক্ষ তথা অধীক্ষক ডাঃ সঞ্জীৱ কাকতিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।