NORTHEAST NOW (Assamese)

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 22, 2026 9:56 pm

ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰাটো আজিকালি অতি সাধাৰণ কথা। কিন্তু বহু সময়ত এইবোৰ কাম কৰাৰ ক্ষেত্ৰত সামান্য অসতৰ্কতাই ডাঙৰ বিপদ মাতি আনিব পাৰে। অলপতে এনে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে যিয়ে সকলোকে আচৰিত কৰি তুলিছে।

এই সমগ্ৰ ঘটনাটো ঘৰৰ চিচিটিভি কেমেৰাত বন্দী হৈছে। তাত দেখা গৈছে যে এগৰাকী মহিলাই আন দিনাৰ দৰেই নিজৰ ঘৰৰ ফ্ৰীজটো পৰিষ্কাৰ কৰি আছিল। ফ্ৰীজটো সেই সময়ত চলি আছিল অৰ্থাৎ অন হৈ আছিল। ইয়াৰ ভিতৰতে যে ইমান ডাঙৰ বিপদ লুকাই আছিল, সেই কথা মহিলাগৰাকীয়ে অকণো গম পোৱা নাছিল আৰু তেওঁ নিজৰ মতে কাম কৰি গৈছিল।

চিচিটিভি ফুটেজত দেখা গৈছে যে ফ্ৰীজটো মচি থকাৰ সময়তে হঠাতে মহিলাগৰাকী বিদ্যুৎস্পৃষ্ট হয়।   ঘটনাস্থলীতেই মহিলাগৰাকীৰ কৰুণ মৃত্যু হয়।

আচলতে বহু লোকে বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰাৰ নিয়মবোৰলৈ বিশেষ গুৰুত্ব নিদিয়ে আৰু ইয়াৰ আঁৰত থকা বিপদকো সহজভাৱে লয়। ফ্ৰীজ, ৱাছিং মেচিন বা মিক্সাৰ আদি চলি থকা অৱস্থাত যদি সেইবোৰৰ ভিতৰত কিবা যান্ত্ৰিক বিজুতি থাকে বা তাৰ ঢিলা হৈ থাকে, তেন্তে সেয়া পলকতে প্ৰাণঘাটী হৈ পৰিব পাৰে।

ছচিয়েল মিডিয়াত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছৰে পৰা লোকসকলৰ মাজত বহুলভাৱে চৰ্চা চলিছে। বেছিভাগ মানুহৰে একেটাই কথা যে পানী আৰু বিদ্যুৎ কেতিয়াও একেলগে চলিব নোৱাৰে। গতিকে যিকোনো বৈদ্যুতিক সামগ্ৰী পৰিষ্কাৰ কৰাৰ আগতে মেইন চুইচ বন্ধ কৰা আৰু প্লাগটো বোৰ্ডৰ পৰা সোলোকাই লোৱাটোৱেই আটাইতকৈ ডাঙৰ দায়িত্ব। বহুতৰে মতে সুৰক্ষাহে আচল কথা আৰু সামান্যতম অসাবধানতাও মৃত্যুৰ কাৰণ হ’ব পাৰে। সেয়েহে প্লাগটো সম্পূৰ্ণৰূপে খুলি কাম কৰাটোৱেই বুদ্ধিমানৰ কাম, কাৰণ ইয়াৰ দ্বাৰা দুৰ্ঘটনাৰ কোনো সম্ভাৱনা নাথাকে। ইণ্টাৰনেটৰ সকলো মন্তব্যৰে এটাই সাৰাংশ যে চলি থকা অৱস্থাত কোনো বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা উচিত নহয়।

Related News