NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত ” মিষ্টাৰ আৰু মিচ বিটিআৰ নেচনৱাইড ২০২২ “

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ February 2, 2022 7:25 pm

বিটিআৰ এলেকাত থকা প্ৰায় সকলো মহাবিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত ” মিষ্টাৰ আৰু মিচ বিটিআৰ নেচনৱাইড ২০২২ “ৰ অডিচন সম্পন্ন হোৱাৰ পিছত যোৱা ৩০ জানুৱাৰীত ফাইনেল অনুষ্ঠিত হয় ।

আজি মিষ্টাৰ আৰু মিচ বিটিআৰ নেচনৱাইড ২০২২ “ৰ খিতাপ জিকা সকলক লৈ কোকৰাঝাৰৰ গৌৰাং হোটেলত এক অনুষ্ঠান আয়োজিত হয় । ফেশ্বন শ্বৰ সঞ্চালিকা ড° স্মিতা দেৱ আৰু কাৰ্যবাহী সঞ্চালক এম জে মনোজৰ তত্বাৱধানত অনুষ্ঠিত হোৱা আজিৰ অনুষ্ঠানত ফেশ্বন শ্বৰ খিতাপধাৰী সকলে এক প্ৰদৰ্শনী সম্পন্ন কৰে ।

উল্লেখ্য যে মিষ্টাৰ আৰু মিচ বিটিআৰ নেচনৱাইড ২০২২ “ৰ ফেশ্বন শ্বত মিচ কেটেগৰীত বিজয়ীৰ খিতাপ লাভ কৰে বিউটি ব্ৰহ্ম আৰু প্ৰথম ৰাণাৰ্চ আপ হিচাপে লাকী স্বৰ্গিয়াৰী আৰু দ্বিতীয় ৰাণাৰ্চ আপ হিচাপে অঞ্জলী বসুমতাৰী নিৰ্বাচিত হয় ।ঠিক সেইদৰে মিষ্টাৰ কেটেগৰীত বিজয়ী হিচাপে সুজুমা মোছাহাৰী , প্ৰথম ৰাণাৰ্চ আপ হিচাপে ৰতন বসুমতাৰী আৰু দ্বিতীয় ৰাণাৰ্চআপ হিচাপে ঈৰ্শাদ খান নিৰ্বাচিত হয় ।

টিন উইনাৰ কেটেগৰীত বিজেতা হিচাপে গুলপৰী খান , প্ৰথম ৰাণাৰ্চ আপ ছানিয়া বসুমতাৰী আৰু দ্বিতীয় ৰাণাৰ্চ আপ হিচাপে হাইনা বসুমতাৰী নিৰ্বাচিত হয় । আনহাতে কিডচ্ কেটেগৰীত ছোৱালীৰ শাখাত বিজেতা নন্দিতা বসুমতাৰী , প্ৰথম ৰাণাৰ্চ আপ হিচাপে তৃষ্ণা দেৱ নাথ আৰু দ্বিতীয় ৰাণাৰ্চআপ হিচাপে কৰিনা ব্ৰহ্ম নিৰ্বাচিত হয় । কিডচ্ ল’ৰাৰ শাখাত গৌমছাৰ ব্ৰহ্ম বিজয়ী হয় ।

ইপিনে সংবাদমাধ্যমৰ আগত সঞ্চালিকা ড° স্মিতা দেৱে কয় যে যোৱা ৩০ জানুৱাৰীত কোকৰাঝাৰ জিলা ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত কভিড প্ৰটোকল মানি অনুষ্ঠিত হোৱা মিষ্টাৰ আৰু মিচ বিটিআৰ নেচনৱাইড ২০২২ৰ মূল উদ্দেশ্য হ’ল বড়োলেণ্ড এলেকাৰ যুৱক যুৱতীসকলৰ মাজত ফেশ্বন সন্দৰ্ভত জ্ঞান বৃদ্ধি কৰা আৰু বড়োলেণ্ড এলেকাত লুকাই থকা প্ৰতিভাসমূহ চিনাক্ত কৰি উপযুক্ত মঞ্চ প্ৰদান কৰা ।

মাইৰা ক্ৰিয়েচনৰ উদ্যোগত অনুষ্ঠিত হোৱা ফেশ্বন শ্বত হস্ততাত আৰু বস্ত্ৰশিল্পৰ কাপোৰ ব্যৱহাৰ কৰি শিপিনীসকলক উৎসাহ প্ৰদান কৰা হয় । বিজয়ী আৰু ৰাণাৰ্চআপ সকলক সৰ্বমুঠ ৫০ হাজাৰ টকা দিয়াৰ লগতে সোণখচিত মুকুট , মমেণ্ট , মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় ।