NORTHEAST NOW (Assamese)
অসম

বিহুক বিকৃত ৰূপত উপস্থাপন কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ August 31, 2019 9:17 am
69445248_10217004347234084_3236795772125052928_n

অসমৰ বাপোতি সাহোন বিহুক বিকৃত ৰূপত উপস্থাপন কৰা সন্দৰ্ভত বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰিছে।

বৃহস্পতিবাৰে ভাৰত চৰকাৰৰ উদ্যোগত নতুন  দিল্লীত আয়োজিত ফিট ইণ্ডিয়া কাৰ্যসূচীত অসমীয়া সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰা হৈছে।

FB_IMG_1567176651409
বীৰ লাচিত সেনাই দাখিল কৰা এজাহাৰৰ কপিটো।

অসমৰ ৰঙালী বিহুৰ লগত সম্পৰ্ক নথকা বিহু নৃত্য আৰু বিহুৱতীৰ পোছাকক বিকৃত ৰূপত পৰিবেশন কৰি  অসমীয়া সংস্কৃতিক অপমান কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত এই দৰে বিহুক বিকৃত ৰূপত পৰিবেশন কৰে ZENITH DANCE INSTITUTE PRIVATE LIMITED নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে।

এই ঠিকাদাৰী প্ৰতিষ্ঠানটো নৃত্য পৰিচালনাৰ দায়িত্বত আছিল। ইতিমধ্যে বিহু বিকৃত ৰূপত প্ৰকাশ কৰা বিষয়টোৱে ছ’চিয়েল মিডিয়া তথা সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

বীৰ লীচিত সেনা চৰাইদেউ জিলা সমিতিয়ে ৰঙালী বিহুক বিকৃত ৰূপত উপস্থাপন কৰা, অসমীয়া সংস্কৃতিক অপমান কৰা উদ্যোক্তা আৰু নৃত্য পৰিচালনাৰ লগত জড়িত বাহিৰাগত কোম্পানীটোৰ বিৰুদ্ধে সোনাৰী থানাত এজাহাৰ দাখিল কৰে।