NORTHEAST NOW (Assamese)

‘পলাতক’ হীৰা ব্যৱসায়ী মেহুল চোকছিক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ নিৰ্দেশ বেলজিয়ামৰ আদালতৰ

October 18, 2025 1:58 pm · এন ই নাও নিউজ, গুৱাহাটী

১৩ হাজাৰ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত পঞ্জাৱ নেশ্যনেল বেংক কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড মেহুল চোকছিক ভাৰতলৈ প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিছে বেলজিয়ামৰ এণ্টৱাৰ্পৰ আদালতে।

বেলজিয়ামৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত শুকুৰবাৰে আদালতত চোকছি আৰু ভাৰত চৰকাৰৰ অধিবক্তাৰ যুক্তি শুনানি গ্ৰহণ কৰি ন্যায়াধীশগৰাকীয়ে এই নিৰ্দেশ দিয়ে। ৰায়দানত কোৱা হৈছে, ‘ভাৰতৰ প্ৰত্যাৰ্পণৰ অনুৰোধ আইনসন্মত আৰু গ্ৰহণযোগ্য।’

অৱশ্যে ইয়াতেই শেষ নহয়। চোকছিৰ অধিবক্তাই কয় যে তেওঁলোকে এণ্টৱাৰ্প আদালতৰ ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব। সেয়ে এতিয়াই চোকছিক দেশলৈ ঘূৰাই অনাটো সম্ভৱ নহ’ব বুলি ধাৰণা কৰা হৈছে।

গুজৰাটৰ হীৰা ব্যৱসায়ী মেহুল চোকছিয়ে ২০১৮ চনত পত্নীৰ সৈতে দেশ এৰি পলায়ন কৰে। তেতিয়াৰ পৰাই তেওঁ ‘পলাতক’ হৈ আছে। ৬৫ বছৰীয়া চোকছিৰ বিৰুদ্ধে মুম্বাইৰ আদালতে জাৰি কৰিছে দুটা জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা।

শেহতীয়াকৈ খবৰ আহিছিল যে তেওঁ বেলজিয়ামত আছে। ইয়াৰ পিছত ভাৰতীয় তদন্তকাৰী সংস্থাসমূহ সক্ৰিয় হৈ পৰে। ১২ এপ্ৰিলত এণ্টৱাৰ্পৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়তে স্থানীয় আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

চোকছিৰ বিৰুদ্ধে পঞ্জাৱ নেচনেল বেংকত প্ৰায় ১৩,৫০০ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ আছে। কেৱল সেয়াই নহয়, মুম্বাইৰ মালাবাৰ পাহাৰৰ তিনিটা বিলাসী ফ্লেটৰ ৰক্ষণাবেক্ষণ খৰচৰ বাবেও তেওঁৰ ঋণ আছে প্ৰায় ৬৫ ​​লাখ টকা।

ইয়াৰ পূৰ্বে ২০২১ চনত ডমিনিকান ৰিপাব্লিকত ধৰা পৰাৰ পিছত চোকছিয়ে ভাৰতীয় এজেন্সীয়ে তেওঁক অপহৰণ কৰি দেশলৈ ঘূৰাই অনাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। এতিয়াও তেওঁ এন্টিগুয়াৰ নাগৰিক। সেই নাগৰিকত্বৰ কথা মনত ৰাখি এতিয়া তেওঁৰ অধিবক্তাই তেওঁক উচ্চ ন্যায়ালয়ত প্ৰত্যাৰ্পণ কৰাত বাধা দিবলৈ চেষ্টা কৰিব।

Related News