NORTHEAST NOW (Assamese)

ৰাতিপুৱাই খাওঁক গৰম পানী, আছে অনেক উপকাৰিতা

October 11, 2023 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 10, 2023 8:20 pm

আমি প্ৰায়ে শুনিবলৈ পাওঁ যে গৰম পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু সেই উপকাৰ সমূহ কি কি? গৰম পানী খোৱাৰ বিভিন্ন উপকাৰিতা আছে। গৰম পানী সেৱনৰ ফলত আমি লাভ কৰা উপকাৰিতাসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল –

১/ হজম শক্তি

আহাৰ খোৱাৰ পিছত গৰম পানী খালে আমাৰ পাচন তন্ত্ৰই খাদ্য সমূহ গুৰি কৰাত সহায়ক হয়। গতিকে গৰম পানীয়ে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে।

২/ কোষ্ঠকাঠিন্য

গৰম পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে ভাল হোৱাৰ আন এটা কাৰণ হ’ল ই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাত সহায় কৰে।

৩/ হাইড্ৰেচন

গৰম পানীয়ে শৰীৰৰ বিষাক্ত পদাৰ্থৰ বিৰুদ্ধে কাম কৰে আৰু আপোনাৰ শৰীৰক বিষমুক্ত কৰে। যদি আপুনি খাদ্য খোৱাৰ পিছত গৰম পানী খায় তেন্তে ই হজমৰ সময়ত কমি যোৱা তৰল পদাৰ্থৰ পৰিমাণ পুনৰ বৃদ্ধি কৰাত সহায় কৰে, আৰু আপোনাৰ শৰীৰক হাইড্ৰেট কৰি ৰাখে।

৪/ ওজন

গৰম পানীয়ে মেদবহুল লোকৰ ওজন হ্ৰাস কৰাত সহায় কৰে। সেয়ে সদায় খালী পেটত গৰম পানী সেৱন কৰাটো সকলোৰে বাবে ভাল বুলি গণ্য কৰা হয়। শেহতীয়াকৈ কৰা এক গৱেষণাৰ পৰা দেখা গৈছে যে খাদ্য খোৱাৰ আগতে গৰম পানী খালে বিপাকীয় ক্ৰিয়া ৩২ শতাংশ বৃদ্ধি পায়। বহু বিশেষজ্ঞই খাদ্য খোৱাৰ পিছত গৰম পানী খোৱাৰ পৰামৰ্শ দিয়ে কাৰণ ই ওজন হ্ৰাস কৰাত সহায় কৰে।

৫/ ঋতুস্ৰাৱৰৰ বিষ

মহিলা সকলে খাদ্য খোৱাৰ পিছত গৰম পানী খালে জৰায়ুত তেজৰ সোঁত বৃদ্ধি হয়। ফলত জঠৰ পেশীবোৰ সক্ৰিয় হৈ উঠে। সেয়ে ঋতুস্ৰাৱৰ সময়ত হোৱা বিষৰ বাবে গৰম পানী অতি উত্তম।

Related News