NORTHEAST NOW (Assamese)
দেশ

বংগত মাছ ব্যৱসায়ীৰ ঘৰত চিআইডিৰ অভিযান: ওলাল ১.৪০ কোটি টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 5, 2022 6:58 am
West Bengal

পশ্চিম বংগত অপৰাধ অনুসন্ধান বিভাগে দেওবাৰে মালদা জিলাৰ এজন মাছ বিক্ৰেতাৰ বাসগৃহৰ পৰা জব্দ কৰিছে প্ৰায় ১.৪ কোটি টকা নগদ ধন।

মালদা জিলাৰ গাজোল অঞ্চলৰ মাছ ব্যৱসায়ী গৰাকীৰ ঘৰত গোপনে বৃহৎ পৰিমাণৰ অবৈধ নগদ ধন জমা থকাৰ তথ্য পোৱাৰ পিছত এই অভিযান চলোৱা হৈছিল।

পশ্চিম বংগ চিআইডিৰ দলটোৱে ব্যৱসায়ী গৰাকীৰ ঘৰত অভিযান চলাই মুঠ ১ কোটি ৩৯ লাখ আৰু ৩ হাজাৰ টকা উদ্ধাৰ কৰে।

এই বৃহৎ পৰিমাণৰ ধনৰাশি উদ্ধাৰ কৰাৰ পাছতে চিআইডিৰ দলটোৱে ব্যৱসায়ী গৰাকীক গ্ৰেপ্তাৰ কৰে।

ধৃত ব্যৱসায়ী গৰাকীক জয় প্ৰকাশ সাহা বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে এই বৃহৎ পৰিমাণৰ ধনৰাশি কিয় তেওঁ ঘৰত গোটাই ৰাখিছিল অভিযানকাৰী দলটোৱে এইপৰ্যন্ত সদৰী কৰা নাই।

জব্দ কৰা এই বৃহৎ ধনৰাশিৰ লগতে অভিযুক্ত জয় প্ৰকাশ সাহা জেৰাৰ বাবে গাজোল আৰক্ষী থানালৈ লৈ যোৱা হয়। অভিযুক্ত সাহাক আজি আদালতত হাজিৰ কৰোৱা হ’ব।