NORTHEAST NOW (Assamese)

ৰাজনৈতিক হেঁচাত কলকাতাত বাতিল হ’ল বিবেক অগ্নিহোত্ৰীৰ ‘বেংগল ফাইলছ’ৰ ট্ৰেইলাৰ লঞ্চ

August 16, 2025 6:34 pm · এন ই নাও নিউজ, গুৱাহাটী

বাতিল হ’ল চলচ্চিত্ৰ নিৰ্মাতা বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ আগন্তুক ছবি দ্য বেংগল ফাইলছৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান। কলকাতাত ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি কেইবটাও স্থানত মুকলি হ’ব লগীয়া ছবি খনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হয়।

প্ৰথমে মাল্টিপ্লেক্সত ছবিখনৰ বিশেষ প্ৰদৰ্শন বাতিল কৰা হ’ল, তাৰ পিছত ব্যক্তিগত হোটেলত প্ৰদৰ্শন কৰা হ’ল। অগ্নিহোত্ৰীয়ে জনোৱা মতে, আয়োজকসকলে তেওঁক জনাইছে যে তেওঁলোকে তেনে কৰিব নোৱাৰে কাৰণ “ৰাজনৈতিক হেঁচা”ৰ বাবে পশ্চিম বংগত চিনেমা হল আৰু মাল্টিপ্লেক্স চেইনৰ বাবে অনুষ্ঠান অনুষ্ঠিত কৰাটো বিপদজনক হৈ পৰিছে।

কোনো স্থান উপলব্ধ নোহোৱাত অৱশেষত অগ্নিহোত্ৰীয়ে এটা ভোজগৃহত ট্ৰেইলাৰ উন্মোচন কৰি তেওঁ কয়, “তেওঁলোকে কিহৰ বাবে ভয় খাইছে বা কিয় মোৰ কণ্ঠ দমন কৰিব বিচাৰিছে মই নাজানো। চিবিএফচিৰ প্ৰমাণ পত্ৰ আছে আৰু আমেৰিকাৰ ১২খন চহৰত প্ৰদৰ্শিত হৈছে। তথাপিও কলকাতাত এই ছবিখন প্ৰদৰ্শন কৰাত বাধাৰ সন্মুখীন হৈছে।”

তেওঁ আৰু অভিযোগ কৰে যে ইয়াৰ আঁৰত “ৰাজ্যৰ আটাইতকৈ শক্তিশালী মানুহজন” আছে, আৰু দাবী কৰে যে এবাৰ প্ৰদৰ্শনীৰ সময়ত তাঁৰও কাটি পেলোৱা হৈছিল। “এয়া যদি একনায়কত্ববাদ নহয়, তেন্তে কি?”

১৯৪৬ চনত বংগত অনুষ্ঠিত ডাইৰেক্ট একচন ডে’ৰ পৰিঘটনাৰ আধাৰত নিৰ্মিত ছবিখনে মুক্তিৰ পূৰ্বে ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে।

Related News