NORTHEAST NOW (Assamese)
দেশ

পাকিস্তানী চোৰাংচোৱা সংস্থাক ভাৰতীয় সেনাৰ গোপন তথ্য যোগানৰ সন্দেহ: বংগত এজনক গ্ৰেপ্তাৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2022 11:22 am
man held for sharing details of Army

পাকিস্তানী চোৰাংচোৱা সংস্থাক ভাৰতীয় সেনাৰ গতিবিধিৰ গোপন তথ্য যোগান ধৰাৰ অভিযোগত পশ্চিম বংগ আৰক্ষীৰ এটা স্পেচিয়েল টাস্ক ফ’ৰ্চৰ দলে এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

স্পেচিয়েল টাস্ক ফ’ৰ্চে প্ৰকাশ কৰা মতে পীৰ মহম্মদ ওৰফে সমীৰ দাই নামৰ ব্যক্তিগৰাকীয়ে পাকিস্তানৰ আন্তঃ-সেৱা চোৰাংচোৱা বিভাগক ধনৰ বিনিময়ত গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰিছে বুলি সন্দেহ কৰা হৈছে।

পীৰ মহম্মদে পশ্চিম বংগৰ কালিম্পং আৰু উত্তৰ বংগ অঞ্চলত সেনাৰ চলাচল সম্পৰ্কীয় সকলো বিৱৰণ পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হাতত দিছিল বুলি স্পেচিয়েল টাস্ক ফ’ৰ্চে এক বিবৃতিত উল্লেখ কৰিছে।

এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে পীৰ পেছাত এগৰাকী ইলেক্ট্ৰনিক গেজেট ব্যৱসায়ী আৰু পশ্চিম বংগৰ কালিম্পঙৰ মুৰ্গীহাট্টাত বাস কৰিছিল। পীৰে ৱাটছ্এপ কলৰ জৰিয়তে পাকিস্তানী এজেণ্টৰ সৈতে যোগাযোগ কৰিছিল বুলি তেওঁ উল্লেখ কৰিছে।

স্পেচিয়েল টাস্ক ফ’ৰ্চৰ বিষয়াসকলে লগতে উল্লেখ কৰা মতে ২০২০ চনত পীৰে নেপাল ভ্ৰমণ কৰিছিল আৰু তেতিয়াই তেওঁক গুৰুত্বপূৰ্ণ তথ্য বিনিময়ৰ বাবে বৃহৎ পৰিমাণৰ ধন আগবঢ়োৱা হৈছিল।

অৱশ্যে অভিযুক্ত পীৰে এই অভিযোগ অস্বীকাৰ কৰিছে এতিয়ালৈকে তেনে কোনো ধন লাভ কৰা নাই বুলি দাবী কৰিছে। ইতিমধ্যে আৰক্ষীয়ে পীৰৰ মোবাইল ফোন আৰু লেপটপ জব্দ কৰিছে।

বিষয়টোৰ সন্দৰ্ভত বৰ্তমান তদন্ত চলাই থকা হৈছে বুলি স্পেচিয়েল টাস্ক ফ’ৰ্চৰ বিষয়াসকলে জানিবলৈ দিয়ে।