NORTHEAST NOW (Assamese)

দিল্লী বিস্ফোৰণৰ পিছত ভাৰত ভ্ৰমণ স্থগিত ৰাখিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে

November 25, 2025 12:24 pm · এন ই নাও নিউজ, গুৱাহাটী

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে পুনৰবাৰ এই বছৰৰ শেষৰ ফালে কৰিবলগীয়া ভাৰত ভ্ৰমণ পিছুৱাই দিছে। দুসপ্তাহ পূৰ্বে দিল্লীত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তাজনিত উদ্বেগৰ বাবে এতিয়া এই ভ্ৰমণ স্থগিত কৰা হৈছে।

দেশৰ ৰাজধানীখনত এক দশকৰ ভিতৰত আটাইতকৈ ভয়াৱহ এই আক্ৰমণত কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।

ইজৰাইলৰ মিডিয়া প্লেটফৰ্ম i24NEWS ৰ সূত্ৰ অনুসৰি নেতানিয়াহুৱে এতিয়া নিৰাপত্তা মূল্যায়নৰ অন্তত অহা বছৰ ভাৰত ভ্ৰমণৰ বাবে নতুন তাৰিখ নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিব। তেওঁ শেষবাৰৰ বাবে ২০১৮ চনত আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ কৰিছিল।

ইয়াৰ পূৰ্বে শুনা গৈছিল যে প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰিব পাৰে। অৱশ্যে এইবাৰ তৃতীয়বাৰৰ বাবে তেওঁ নিজৰ নিৰ্ধাৰিত ভ্ৰমণ বাতিল বা পিছুৱাই দিছে।

উল্লেখ্য যে ছেপ্টেম্বৰ মাহত ইজৰাইলে ১৭ ছেপ্টেম্বৰত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰাৰ পিছত তেওঁৰ ভাৰত ভ্ৰমণ বাতিল কৰা হৈছিল। ইয়াৰ পূৰ্বে তেওঁ এপ্ৰিলৰ নিৰ্বাচনৰ বাবে ভাৰত ভ্ৰমণ পিছুৱাই দিছিল।

দিল্লী আক্ৰমণৰ পিছত নিৰাপত্তা সংস্থাই মূল্যায়ন সম্পূৰ্ণ কৰাৰ পিছতহে নেতানিয়াহুৰ ভাৰত ভ্ৰমণৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰা হ’ব। ইতিমধ্যে দিল্লী বিস্ফোৰণক লৈ দুখ প্ৰকাশ কৰিছে নেতানিয়াহুৱে।

তেওঁ কয়, “ভাৰত আৰু ইজৰাইল প্ৰাচীন সভ্যতা, চিৰন্তন সত্যৰ ওপৰত থিয় দিছে। সন্ত্ৰাসবাদে আমাৰ চহৰসমূহত আক্ৰমণ কৰিব পাৰে, কিন্তু ই আমাৰ আত্মাক কেতিয়াও কঁপাই তুলিব নোৱাৰে। আমাৰ দেশৰ পোহৰে শত্ৰুৰ আন্ধাৰ জয় কৰক।”

Related News