NORTHEAST NOW (Assamese)
Popular Stories

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 28, 2021 6:29 pm

কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় নিজৰ টুলুঙা মন্তব্যৰ বাবে তীব্ৰ সমালোচিত হৈছে।

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৃণমূল কংগ্ৰেছৰ ‘বাংলা নিজেৰ মেয়েকেই চায়’ (বাংলাই নিজৰ কন্যাক বিচাৰে) শীৰ্ষক জনপ্ৰিয় শ্লোগানটোক উপুলুঙা কৰি তেওঁ টুইটাৰত এটা মেমে প’ষ্ট কৰি লিখিছিল যে- ‘বেটি পাৰায়া ধন হ’তি হ্যে’, অৰ্থাৎ এজনী ছোৱালী আন কাৰোবাৰ সম্পত্তি।

টুইটটোত সম্বলিত মেমেটোত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষণ দি থকাৰ এখন ফটো আছে, য’ত হিন্দীত লিখা আছে- ‘‘মই বংগকন্যা’’। বেনাৰ্জীৰ ফটোখনৰ তলতে কেন্দ্ৰীয় মন্ত্ৰী সুপ্ৰীয়ই গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো সংযুক্ত কৰি এইদৰে লিখিছে যে এজনী ছোৱালী আন কাৰোবাৰ সম্পত্তি, এইবাৰ আমি তাইক বিদায় জনাম।

টুইটটোত সুপ্ৰিয়ই উল্লেখ কৰে যে উক্ত মেমেটো বিজেপিৰ আচানচোল জিলা সমিতিয়ে পূৰ্বে প’ষ্ট কৰিছিল।

মেমেটোৰ স’তে তেওঁ লিখিছিল যে- নিশ্চিত্বভাৱে আমি এইবাৰ তাইক বিদায় জনাম।

অৱশ্যে পাছত তেওঁ টুইটটো ডিলিট কৰে।

সুপ্ৰীয়ই এই কাণ্ডক লৈ ৰাজ্যখনৰ নাৰী আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী ডঃ শশী পাঞ্জাই কয় যে বংগত এনেধৰণৰ নাৰীৰ সন্মান হানি কৰিব বিচৰা এনেধৰণৰ শক্তিৰ কোনো স্থান নাই।

‘‘আচৰিত হৈছো যে বিজেপি নেতাবিলাকে কিধৰণৰ লিংগবৈষম্য মনোভাৱ পোষণ কৰে।’’ মন্ত্ৰী ডঃ পাঞ্জাই কয়।