NORTHEAST NOW (Assamese)
অসম

‘গ্ৰেমী’ৰ নিশা বিয়ন্সৰ শিৰত অভিলেখৰ মুকুট; তথাপিও অপূৰ্ণ শ্ৰেষ্ঠ এলবামৰ খিতাপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2023 3:12 pm
‘গ্ৰেমী’ৰ নিশা বিয়ন্সৰ শিৰত অভিলেখৰ মুকুট; তথাপিও অপূৰ্ণ শ্ৰেষ্ঠ এলবামৰ খিতাপ

Beyonce breaks record for most Grammy পপ চুপাৰষ্টাৰ বিয়ন্সে দেওবাৰে গ্ৰেমী বঁটাৰ ইতিহাসত অভিলেখ সৃষ্টি কৰিছে। সংগীতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বঁটা অনুষ্ঠানত তেওঁ তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ বেছি গ্ৰেমী বিজয়ী শিল্পী হিচাপে অভিলেখ গঢ়িছে।

দেওবাৰে তেওঁ “ব্ৰেক মাই ছ’ল”ৰ বাবে শ্ৰেষ্ঠ নৃত্য-ইলেক্ট্ৰনিক সংগীত ৰেকৰ্ডিং বঁটা, “প্লাষ্টিক অফ দ্য চোফা”ৰ বাবে শ্ৰেষ্ঠ পৰম্পৰাগত আৰ এণ্ড বি প্ৰদৰ্শন আৰু  “কাফ ইট”ৰ বাবে শ্ৰেষ্ঠ আৰ এণ্ড বি গানৰ বঁটা লাভ কৰে।

সোমবাৰে তিনিটা বঁটা লাভ কৰাৰ পিছত বিয়ন্সৰ কেৰিয়াৰত মুঠ ৩২ টা গ্ৰেমী বঁটা যোগ হৈছে।

এই অভিলেখটো ১৯৯৭ চনৰ পৰা হাংগেৰিয়ান-ব্ৰিটিছ কণ্ডাক্টৰ জৰ্জ চোল্টিৰ হাতত আছিল। তেওঁ মুঠ ৩১ টা গ্ৰেমী জয়েৰে অভিলেখ গঢ়িছিল।

বিয়ন্সে ইতিমধ্যে এগৰাকী মহিলা শিল্পী হিচাপে সৰ্বাধিক গ্ৰেমী খিতাপৰ অভিলেখ গঢ়িছে। বঁটা গ্ৰহণ কৰাৰ সময়ত বিয়ন্সে কয়, “মই অত্যাধিক আৱেগিক নহ’বলৈ চেষ্টা কৰিছোঁ।‘’

তেওঁ তেওঁৰ প্ৰয়াত খুৰাককে ধৰি পৰিয়ালক ধন্যবাদ জনাইছে। তেওঁ জনাইছে যে তেওঁৰ প্ৰয়াত খুৰাকে তেওঁ বিখ্যাত হোৱাৰ আগতে তেওঁৰ মঞ্চৰ পোছাক বনোৱাত সহায় কৰিছিল।