NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

তুৰস্কত মৃত্যুৰ কিৰিলি: ভূমিকম্পত নিহতৰ সংখ্যা পাঁচ শতাধিকলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2023 1:37 pm
Turkey Earthquake

ভয়াৱহ ভূমিকম্পই জোকাৰি যোৱা তুৰস্কত এতিয়া মৃত্যুৰ কিৰিলি। আজি পুৱতি নিশা ছিৰিয়াৰ সীমান্তৱৰ্তী দক্ষিণ তুৰস্কত সৃষ্টি হোৱা ৭.৮ ৰিখটাৰৰ শক্তিশালী ভূমিকম্পৰ ফলত প্ৰায় ৫৬৮ জন লোকৰ মৃত্যু এইপৰ্যন্ত নিশ্চিত কৰিছে প্ৰশাসনে। কৰ্তৃপক্ষই লগতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

তুৰ্কীৰ ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তুৰ্কীত ২৮৪ জন লোকৰ মৃত্যু নিশ্চিত হোৱাৰ বিপৰীতে প্ৰায় ৪৪০ জন লোক আহত হৈছে। ভূমিকম্পই প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে মালত্য প্ৰদেশ আৰু দিয়াৰবাকিৰ। ভাঙি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা জীৱিত লোকৰ সন্ধান চলাই থকা হৈছে বুলি প্ৰশাসনে সদৰী কৰিছে।

Powerful quake kills at least 568 people in Turkey, Syria, Powerful 7.8  quake knocks down buildings in Turkey, Syria

ইফালে ভূমিকম্পৰ ফলত উত্তৰ ছিৰিয়াত প্ৰায় ২৩৭ গৰাকী লোক নিহত হোৱাৰ লগতে ৬০০ ৰো অধিক লোক আহত হৈছে বুলি বিষয়াসকলে জনায়। প্ৰদেশখনৰ আলেপ্পো চহৰত ভূমিকম্পৰ ক্ষতিৰ পৰিমাণ সৰ্বাধিক বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ কঁপনিৰ প্ৰাবল্যই লেবানন আৰু চাইপ্ৰাছৰ দৰে এলেকাটো জোকাৰণি তোলা বুলি বাতৰি প্ৰকাশ পাইছে।

 

তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টায়িব এৰদোগানে এক টুইট যোগে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহলৈ তাৎক্ষণিকভাৱে অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে বুলি সদৰী কৰিছে। এইপৰ্যন্ত ভূমিকম্পই ক্ষতি কৰা অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাই থকা হৈছে বুলি প্ৰশাসনে অৱগত কৰিছে।

Major 7.8 earthquake rocks Turkey and Syria, killing hundreds - CBS News

উল্লেখ্য যে, আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি দক্ষিণ তুৰস্কত ৭.৮ ৰিখটাৰ স্কেলৰ শক্তিশালী ভূমিকম্পটোৰ পিছতে ৬.৭ প্ৰাবল্যৰ আন এক প্ৰবল ভূমিকম্পৰো উদ্ভৱ হয়।

প্ৰাৰম্ভিক ভূমিকম্পটো গাজিয়ানেপ প্ৰদেশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূবে ১৭.৯ কিলোমিটাৰ গভীৰতাত সৃষ্টি হোৱাৰ বিপৰীতে দ্বিতীয়টো কিছু সময় পিছতে মধ্য তুৰস্কত ৯.৯ কিলোমিটাৰ গভীৰতাত উদ্ভৱ হয়।