NORTHEAST NOW (Assamese)

ভয়ংকৰ বিপদৰ আগজাননী! গুৱাহাটীৰ অনিলনগৰত কেইবাটাও স্থানত ফাঁট মেলিছে ভৰলুৰ গাৰ্ড ৱাল

June 19, 2022 3:00 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কৃত্ৰিম বানপানীৰ মাজতে ভয়ংকৰ বিপদৰ আগজাননী দেখা দিছে গুৱাহাটী মহানগৰত।

গুৱাহাটীৰ অনিল নগৰত কেইবাটাও স্থানত ভৰলুৰ গাৰ্ড ৱালত ফাঁট মেলা দেখিবলৈ পোৱা গৈছে।

আজি পুৱাৰ ভাগৰ পৰা এই ফাঁট প্ৰত্যক্ষ কৰে অনিলনগৰবাসীয়ে।

আশ্চৰ্য্যকৰ তথা হাস্যকৰ কথা এয়ে যে, বালিৰ বস্তাৰে এই গাৰ্ড ৱালৰ ফাঁট ৰখাৰ চেষ্টা কৰিছে গুৱাহাটী পৌৰ নিগম কতৃপক্ষই।

গুৱাহাটী মহানগৰীৰ জুৰোড-ৰাজগড় আৰু অনিল নগৰ নবীন নগৰ অঞ্চলৰ পানী পাম্পৰ জৰিয়তে ভৰলুত নিস্কাষণ কৰি থকা হৈছে।

যাৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ভৰলু।

অন্যহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰাৰ বাবে ব্যবহাৰ কৰি থকা শ্লুইচ গেট এতিয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বন্ধ কৰিব লগা হৈছে। কালি নিশাৰে পৰা ভৰলুমুখৰ শ্লুইছ গেট বন্ধ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

ইপিনে, প্ৰায় ২০ ঠাই মানত ফাঁট মেলাৰ ফলত তথা বালিৰ বস্তাৰে ফাঁট ৰোধৰ চেষ্টা কৰাৰ বাবে শংকিত হৈ পৰিছে অনিলনগৰবাসী। গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধেও ক্ষোভ উজাৰে অনিলনগৰৰ বাসিন্দা হিতেন দত্তই।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত তেওঁ কয় “যদি ভৰলুৰ ৱাল ভাঙে তেন্তে অনিলনগৰ নবীন নগৰত সাগৰৰ পাৰত দেখা চুনামি দেখিবলৈ পাব। বালিৰ বস্তাৰে যদি ৱালৰ ফাঁট ভেটিব পাৰিলেহেঁতেন তেন্তে ডাঙৰ ডাঙৰ প্ৰযুক্তি বিদ্যাৰ কাম ক’ত? কেৱল বানপানীৰ সাহায্য দিলেই নহয় মানুহৰ জীৱনৰ নিৰাপত্তা সু-নিশ্চিত কৰিব লাগে। ৱালখন খহিলে গুৱাহাটীত জলপ্ৰলয় হ’ব”।

“নিশা যদি ২ বজাত ৱালখন ভাঙে তেতিয়া অনিলনগৰৰ জনতা নিদ্ৰাত থাকিব তেতিয়া জনতাৰ জীৱনলৈ কেনে ভয়ংকৰ বিপদ হ’ব? হিতেন দত্তই প্ৰশ্ন কৰি লগতে কয় “ আমাৰ জীৱন যাতে ধ্বংসৰ গৰাহলৈ নাযায় তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক”।

Related News