NORTHEAST NOW (Assamese)
অসম

ধুবুৰী-ওদালগুৰি-বৰপেটাত কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

Posted by: মুকেশ কুমাৰ সিং/চাজিদ খান/আনিচুজ জামান September 10, 2018 7:18 pm
97548a77-f9e7-47c9-8067-ce02d1763b66

পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নিখিল ভাৰত কংগ্ৰেছে আহ্বান জনোৱা ১২ ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়।

ধুবুৰী :

আজি কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ধুবুৰীতো ব্যাপক ৰূপত পৰা দেখা যায়। বন্ধৰ ফলত জিলাখনৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, পে’ট্ৰল পাম্পৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহো বন্ধ হৈ পৰে।

20180910_122609
ফটো : নৰ্থ-ইষ্ট নাও

তাৎপৰ্যমূলক বিষয় যে বিগত কিছু বছৰ ধৰি ধুবুৰী পৌৰ নিগম বিজেপিৰ দখলত আছে। ইয়াৰ পাছতো আজি কংগ্ৰেছে আহ্বান জনোৱা বন্ধত নগৰখনৰ স্বাভাৱিক জীৱন-যাপন সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰা কাৰ্য এক প্ৰকাৰ বিজেপিৰ বাবে চিন্তনীয় বিষয় বুলি বহুতে অভিহিত কৰে।

আনহাতে আজিৰ এই বন্ধত জিলাখনত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তাৰোপৰি বিক্ষিপ্ত ঘটনা প্ৰতিৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনে জিলাখনত সষ্টম হৈ আছিল বুলিও উল্লেখ কৰে।

ইফালে ধুবুৰী আৰক্ষীয়ে ভাৰত বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই অহা জিলা কংগ্ৰেছৰ সভাপতি উত্তম সৰকাৰ, মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী বেবী বেগমৰ লগত প্ৰায় দুই সহস্ৰাধিক বন্ধ সমৰ্থকক আটক কৰে বুলি জানিবলৈ দিয়ে।

ওদালগুৰি :

কংগ্ৰেছে আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ বি টি এ ডিৰ ওদালগুৰি জিলাতো পৰা পৰিলক্ষিত হয়। ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাই থকাক কেন্দ্ৰ কৰি কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধক পূৰ্ণ সমৰ্থন আগবঢ়াই শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠানৰ লগতে ব্যৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ ৰাখে।

majbaat-750x430
ফটো : নৰ্ছ-ইষ্ট নাও

জানিব পৰা মতে বন্ধৰ ফলত জিলাখনৰ টংলা, কলাইগাঁও, ওদালগুৰি, হৰিশিঙা, ৰৌতা, মাজবাট আদি অঞ্চলত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰে।

ইফালে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলে পুৱাই মাজবাট ৰে’ল ষ্টেশ্যনত উপস্থিত হৈ এঘণ্টাৰো অধিক সময় ধৰি এখন যাত্ৰীবাহী ৰে’ল আবদ্ধ কৰি ৰাখে। তাৰোপৰি কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান আওৰাই পৰিৱেশ উত্তাল কৰি তোলে।

বৰপেটা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আজি আহ্বান জনোৱা ১২ ঘন্টীয়া ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে বৰপেটা চহৰত।

বন্ধৰ সমৰ্থনত বৰপেটাৰ কালঝাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে বৰপেটা জিলা কংগ্ৰেছে। বৰপেটা জিলাৰ কংগ্ৰেছ সভাপতি শান্তনু শৰ্মা, সম্পাদক মিজানুৰ ৰহমান, মহিলা কংগ্ৰেছৰ সভানেত্ৰী আঞ্জুৱাৰা বেগমৰ নেতৃত্বত গ্ৰহণ কৰা হয় ঘাইপথ অৱৰোধ কাৰ্যসূচী।

ফটো : নৰ্থ-ইষ্ট নাও

ইফালে বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা আব্দুৰ ৰহিম খানসহ শতাধিক বন্ধ সমৰ্থকক হাউলী আৰক্ষীয়ে আটক কৰি কিছু সময়ৰ বাবে হাউলী থানা চৌহদত আবদ্ধ কৰি ৰাখে।

একেদৰে বৰপেটাৰোড চহৰতো ৯ গৰাকী চিপিআই (এম) আৰু ৩ গৰাকী কংগ্ৰেছী বন্ধ সমৰ্থকক আটক কৰে আৰক্ষীয়ে। বন্ধ সমৰ্থকক আটকৰ জৰিয়তে চৰকাৰে গনতন্ত্ৰৰ কন্ঠ ৰূদ্ধ কৰিব বিচাৰিছে বুলি অভিযোগ তোলে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা আব্দুৰ ৰহিম খানে।