NORTHEAST NOW (Assamese)

ভাৰত বন্ধৰ প্ৰভাৱ : অসমত স্তব্ধ জনজীৱন, ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

September 10, 2018 10:22 am · এন ই নাও নিউজ
ফটো : নৰ্থইষ্ট নাও

পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে ৰাফেল যুঁজাৰু বিমান কেলংকাৰি বিৰুদ্ধে আজি কংগ্ৰেছে আহ্বান কৰা ভাৰত বন্ধত ৰাজ্যখনত ব্যাপক প্ৰভাৱ পৰাৰ বাতৰি পোৱা গৈছে। কংগ্ৰেছে আহ্বান জনোৱা এই বন্ধক কেইবাটাও দল সংগঠনে সমৰ্থন জনাইছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত মোদী চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰধান বিৰোধী দল কংগ্ৰেছে এই বন্ধৰ জৰিয়তে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। বন্ধৰ ফলত যান-বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে।

বন্ধৰ সময়ছোৱাত টায়াৰ জ্বলাই বন্ধ সমৰ্থকৰ প্ৰতিবাদ।

গুৱাহাটী মহানগৰীতো ভাৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। মহানগৰীৰ নুনমাটি, নাৰেংগী, বীৰকুছি, পাথৰকুৱেৰী আৰু মঠঘৰীয়াত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰে। মহানগৰীত পুৱাৰে পৰা স্বাভাৱিক জনজীৱন ব্যহত হৈ পৰিছে। শিক্ষানুষ্ঠানসমূহ, দোকান পোহাৰৰ বন্ধ থকাৰ লগতে চিটীবাছসমূহৰ চলাচল বন্ধ আছে।

তেজপুৰত বন্ধ বিফল কৰিবলৈ আৰক্ষীয়ে চেষ্টা চলোৱাৰ মাজতে আৰক্ষীৰ সৈতে বন্ধ সমৰ্থকৰ খণ্ডযুদ্ধ সংঘটিত হয়। একাংশ বন্ধ সমৰ্থকে ট্ৰাক চালকক প্ৰহাৰ কৰে। তদুপৰি, তেজপুৰৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে জিলা কংগ্ৰেছৰ সম্পাদকসহ ৫জন প্ৰতিবাদকাৰীক আটক কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, খুমটাইত নিখিল বাৰত মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা প্ৰাক্তন মন্ত্ৰী বিস্ম‍িতা গগৈ‍য়ে খুমটাইৰ কংগ্ৰেছ কর্মীৰ সহযোগত ধোদৰ আলি অৱৰোধ কৰাৰ লগতে কংগ্ৰেছ কৰ্মীসকলে খুমটাই সমষ্টিৰ কেইবা স্থানত প্ৰতিবাদ সাৱ্যস্ত কৰে।

ইপিনে তিনিচুকীয়া, গোলাঘাট আৰু শিৱসাগৰতো ৰাজপথত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে, আজি বন্ধৰ ফলত অ’ এন জি চিৰ খনন তথা উৎপাদন বন্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰতো ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰাৰ বাতৰি পোৱা গৈছে। দেৰগাঁৱত বন্ধ সমৰ্থকসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

Related News