NORTHEAST NOW (Assamese)

কাইলৈ ভাৰত বন্ধ, লগতে চকা বন্ধও: কি কি সেৱাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি?

February 25, 2021 6:34 pm · এন ই নাও নিউজ
Updated: February 25, 2021 6:35 pm

ইন্ধনৰ মূল্যবৃদ্ধি, জিএছটিৰ অপপ্ৰয়োগ আৰু আসোঁৱাহযুক্ত ফাষ্টটেগ ব্যৱস্থাৰ বিৰুদ্ধে কাইলৈ সমগ্ৰ দেশ জুৰি পালন কৰা হ’ব ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চকা বন্ধ কাৰ্যসূচী।

কনফেডাৰেছন অৱ ইণ্ডিয়া ট্ৰেডাৰ্ছৰ আহ্বানলৈ ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যৰ ৪০ হাজাৰৰো অধিক ব্যৱসায়িক সংস্থাই সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছে।

ইপিনে সমগ্ৰ দেশ জুৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰত পৰিবহন কৰ্মী কল্যাণ সংঘই ২৬ ফেব্ৰুৱাৰিত দেশজুৰি চকা বন্ধৰ আহ্বান জনাইছে।

সংঘই শীঘ্ৰেই চৰকাৰক পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে দাবী জনায়।

প্ৰস্তাৱিত ই-ৱে বিধেয়ক বাতিলৰ দাবীত ভাৰত বন্ধৰ আহ্বান জনাইছে কনফেডাৰশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে।

চকা বন্ধৰ সময়ত ২৬ ফেব্ৰুৱাৰিত দেশত সামগ্ৰী পৰিবহনকাৰী ট্ৰাক সমূহৰ চলাচল সম্পুৰ্ণৰূপে বন্ধ হৈ পৰিব।

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ বজাৰত চাহিদা আৰু মূল্য বৃদ্ধি নোহোৱাৰ পাছতো ভাৰতত পেট্ৰ’ল-ডিজেলৰ ক্ৰমবৰ্দ্ধমান মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিয়ে ভাৰত পৰিবহন কৰ্মী কল্যাণ সংঘই চকা বন্ধৰ আহ্বান জনাইছে।

চকা বন্ধৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত মাধমাৰ পৰিব যদিও উপায়বিহীন হৈহে কনফেডাৰেছন অৱ ইণ্ডিয়া ট্ৰেডাৰ্ছে ভাৰত বন্ধৰ আহ্বান জনাবলৈ বাধ্য হৈছে বুলি সংস্থাটোৰ সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে প্ৰকাশ কৰিছে।

এনে পৰিস্থিতিত কাইলৈ দেশৰ প্ৰায় সকলো ৰাজ্যতে বন্ধ থাকিব বাছ-ট্ৰাককে ধৰি আন ব্যৱসায়িক বাহনৰ চলাচল।দোকান-পোহাৰ আদিও থাকিব বন্ধ।

অৱশ্যে দৰৱকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সেৱা এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বুলি জানিব পৰা গৈছে।গুৱাহাটী মহানগৰীৰ চিটি বাছ সেৱাও বন্ধ হৈ পৰিব।

কাৰণ বহু কেইটা পৰিবহন সংস্থাই চকা বন্ধলৈ সমৰ্থন জনাইছে।

Related News