NORTHEAST NOW (Assamese)

ফিলিপাইনছত কোভাক্সিনৰ জৰুৰী ব্যৱহাৰৰ অনুমতি বিচাৰি ভাৰত বায়’টেকৰ আবেদন

February 1, 2021 9:18 am · এন ই নাও নিউজ

দেশত কিছুদিন পূৰ্বে সৰ্বসাধাৰণ লোকৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া দেশীয় ভাবে প্ৰস্তুত কোভিডৰ প্ৰথম ভেকচিন কোভাক্সিন এতিয়া হয়তো বিদেশতো  উপলব্ধ হ’ব।

ভাৰতৰ বাহিৰত প্ৰথমবাৰৰ বাবে ব্যৱহাৰৰ অনুমতি বিচাৰি কোভাক্সিনৰ উৎপাদনকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে আবেদন জনাইছে।

ভাৰত বায়’টেকৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে ফিলিপাইনছত কোভাক্সিনৰ জৰুৰীকালিন ব্যৱহাৰৰ অনুমতি বিচাৰি প্ৰতিস্থানটোৱে আবেদন জনাইছে।

ফিলিপাইনছত থকা ভাৰতৰ ৰাষ্ট্ৰদূত শম্ভূ কুমাৰণেও এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ফিলিপাইনছৰ চৰকাৰে কোভাক্সিনৰ জৰুৰী ব্যৱহাৰত অনুমতি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

কোভাক্সিনৰ ব্যৱহাৰত অনুমতি লাভ কৰিলেই ভাৰত বায়’টেকে ফিলিপাইনছলৈ ভেকচিন বিধ ৰপ্তানি কৰাৰ বাট প্ৰশস্ত হ’ব বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য ভাৰতে সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি কোভাক্সিন প্ৰস্তুত কৰি উলিয়াইছে।

এই ভেকচিন বিধে কোভিড প্ৰতিহত কৰাৰ ক্ষেত্ৰত বেছ ভাল ফল দেখুওৱাৰ কথা ইতিমধ্যে প্ৰমাণ হৈছে।

ইপিনে বাংলাদেশেও ভাৰতৰ সৈতে লগলাগি কোভিডৰ ভেকচিন উৎপাদন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

কোভাক্সিন ৰপ্তানি কৰি ভাৰতে বিপুল মাত্ৰাত বৈদেশিক মুদ্ৰা অৰ্জন কৰিব পাৰিব বুলি আশা কৰা হৈছে।

Related News