NORTHEAST NOW (Assamese)
অসম

দুই-এদিনতে বিজেপিত যোগদান কৰিব ভৰত-ৰাণী নৰহে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2019 8:21 am
Bharat_Rani Narah

এইবাৰ বিজেপিমুখী হ’বলৈ মন মেলিছে কংগ্ৰেছৰ দুই নেতা-নেত্ৰী ভৰত নৰহ আৰু তেওঁৰ সাংসদ পত্নী ৰাণী নৰহ। নিউজ এইটটিন নামৰ এটা নিউজ পৰ্টেলত এই খবৰ প্ৰকাশ।

প্ৰথম অৱস্থাত অগপত ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা ভৰত নৰহে অগপৰ দুৰ্দিন অহাত কংগ্ৰেছত যোগদান কৰিছিল। তেওঁৰ পত্নী ৰাণী নৰহ বৰ্তমান কংগ্ৰেছৰ পৰা অসমক ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰি আছে।

জানিব পৰামতে, দুয়োজনে দুই-এদিনতে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত আনুষ্ঠানিকতাৰ মাজেৰে দলটোত যোগদান কৰিব। তাৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে দুয়ো, সূত্ৰটোত প্ৰকাশ।

যোৱা ৫ আগষ্টত ভুৱনেশ্বৰ কলিতাৰ ৰাজ্যসভাৰ পৰা পদত্যাগ আৰু ৬ আগষ্টত দলত্যাগ কংগ্ৰেছৰ বাবে আছিল শেহতীয়া মোক্ষম আঘাত।

যদি নৰহ দম্পতীয়ে বিজেপিত যোগদান কৰে তেন্তে কংগ্ৰেছৰ বাবে সেয়া আন এটা আঘাতৰূপে বিবেচিত হ’ব।

দুয়োজনৰে এটা সময়ত লখিমপুৰৰত যথেষ্ট গণভিত্তি আছিল যদিও বিগত একাধিক নিৰ্বাচনত দুয়ো শোচনীয়ভাৱে পৰাজিত হৈছে।