NORTHEAST NOW (Assamese)

শ্ৰমিকৰ বোনাছ : দুটা নহয় এটা কিস্তিত ২০ শতাংশ বোনাছ আদায়ৰ দাবী ভাৰতীয় চাহ মজদুৰ সংঘৰ

September 27, 2018 9:56 pm · উত্তম শইকীয়া

চাহ বাগিচাৰ বোনাছৰ ক্ষেত্ৰত অসম চাহ মজদুৰ সংঘই গ্ৰহণ কৰা স্থিতিক সমালোচনা কৰিছে ভাৰতীয় চাহ মজদুৰ সংঘই ৷ অসম চাহ মজদুৰ সংঘৰ স্থিতিৰ প্ৰতিবাদ জনাই ভাৰতীয় চাহ মজদুৰ সংঘৰ বোকাখাত শাখাই আজি বোকাখাতৰ মহকুমাধিপতিৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে ৷

স্মাৰক পত্ৰৰ মতে চেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে গুৱাহাটী আৱৰ্ত্ত ভৱনত শ্রম মন্ত্রীৰ উপস্থিতিত সমুহ শ্ৰমিক আৰু চাহ বাগিচাৰ সংঘৰ প্ৰতিনিধিৰে হোৱা আলোচনাত অসমৰ চাহ বাগিচা সমুহক ২০ শতাংশ বোনাছ এটা কিস্তিতে শ্ৰমিক সকলক আদায় দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ  কৰিছিল ৷

এই ক্ষেত্ৰত মন্ত্রী পল্লৱ লোচন দাসে এইবাৰ দুর্গা পূজাত শ্ৰমিকসকলক এটা কিস্তিতে ২০ শতাংশ বোনাছ শ্ৰমিকক আদায় দিবলৈ বাগিচাৰ মালিক সংস্থাক নির্দেশ দিয়ে । উক্ত বৈঠকত ভাৰতীয় চাহ মজদুৰ সংঘয়ো  ২০ শতাংশ বোনাছ এটা কিস্তিত দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছিল।

ইয়াৰ পাছতে যোৱা ইং ২০ চেপ্টেম্বৰত অসম চাহ মজদুৰ সংঘই  মেকলইড ৰাছেল কোম্পানীৰ সৈতে অতি সংগোপনেৰে কৰা একপক্ষীয় চুক্তিত দুটা কিস্তিত বোনাছ আদায় দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ভাৰতীয় চাহ মজদুৰ সংঘই অভিযোগ উত্থাপন কৰে ৷

ভাৰতীয় চাহ মজদূৰ সংঘৰ বোকাখাত শাখাৰ সম্পাদক মনোজ কৰ্মকাৰে কয় যে “অসম চাহ মজদুৰ সংঘৰ এনে শ্ৰমিক বিৰোধী কাৰ্য্যক আমি কঠোৰভাৱে ধিক্কাৰ দিয়াৰ লগতে বোকাখাত মহকুমাৰ অন্তৰ্গত সকলো বাগিচাত ২০ শতাংশ বোনাছ এক কিস্তিত আদায় দিয়াৰ বাবে দাবী জনাইছো । অন্যথা চাহ শ্ৰমিকৰ স্বাৰ্থত তীব্র আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ’ম।” স্মাৰক পত্ৰৰ যোগেদি বোকাখাতৰ মহকুমাধিপতিৰ আগত এই দাবী জনায় শ্ৰমিক সংগঠনটোৱে।

Related News