NORTHEAST NOW (Assamese)
অসম

অসমৰ সংৰক্ষিত বনাঞ্চলৰ ৩৫৫৫ বৰ্গ কি:মি: এলেকাত বেদখল

Posted by: ৰাজীৱ ৰয় September 27, 2018 9:33 pm
sonai-rupa-wildlife-assam

চৰকাৰৰ পৰিসংখ্যাত প্ৰকাশ যে অসমৰ ৩৫৫৫ বৰ্গ কি:মি:ৰো অধিক ভূমি বেদখলৰ কবলত আছে। ইয়াৰ ফলত হাতীকে ধৰি বিভিন্ন বন্যপ্ৰাণী ওলাই আহি মানুহৰ বসতিস্থলত প্ৰৱেশ কৰিবলৈ ধৰিছেহি।

চৰকাৰী পৰিসংখ্যাই দেখুওৱা মতে অসমত ১০০টা হাতীৰ অস্বাভাৱিক মৃত্যু ঘটিছে।

নিৰ্মাণ কাৰ্য, নিৰ্বনানীকৰণে হাতীৰ বাসভূমিত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰিছে। পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই কৈছে যে বৰ্তমান অসমৰ জাননীকৃত সংৰক্ষিত বনাঞ্চল আৰু সংৰক্ষিত এলেকাৰ প্ৰায় ৩৫৫৫ কি:মি: (মুঠ জাননীকৃত এলেকাৰ ১৩.২৯ শতাংশ) অঞ্চল বেদখলৰ কবলত পৰিছে।

অসম চৰকাৰৰ প্ৰতিৱেদন অনুসৰি, ২০১৩ৰ পৰা ২০১৬ৰ ভিতৰত ১০০টা হাতীৰ অস্বাভাৱিকভাৱে মৃত্যু ঘটিছে।

কেন্দ্ৰৰ পৃষ্ঠপোষকতাৰ ‘প্ৰজেক্ট এলিফেণ্ট’ প্ৰকল্পৰ অধীনত হাতী বাস কৰা ৰাজ্যসমূহত হাতীৰ বাসভূমি, অহাযোৱা কৰা পথ আৰু হাতীক সুৰক্ষা দিয়াৰ বাবে আৰু হাতী-মানুহৰ সংঘাত আঁতৰ কৰাৰ বাবে বিত্তীয় আৰু কাৰিকৰী সহায়তা আগবঢ়োৱা হৈছে।

তাৰেপৰি, ‘বন্যপ্ৰাণীৰ আৱাসভূমিৰ সুসংগঠিত বিকাশ’, ‘প্ৰকল্প বাঘ’ আদি আঁচনিৰ জৰিয়তে বন্যপ্ৰাণীৰ আৱাসভূমিৰ উন্নতি কৰাৰ বাবে কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিত্তীয় সহায় আগবঢ়াই আহিছে।

মন্ত্ৰ্যালয়ে দেশৰ ১৪ কন ৰাজ্যত ২৯খন হাতী সংৰক্ষিত বনাঞ্চল স্থাপন কৰিছে।

অৱমূল্যায়ন হোৱা জাননীকৃত এলেকাসমূহত বিকল্প পদক্ষেপ হিচাপে বৃক্ষৰোপণ কৰা হৈছে। অসমৰ উত্তৰ ফালৰ পূব মণ্ডল শোণিতপুৰত ৯০ হেক্টৰ, পশ্চিম মণ্ডল শোণিতপুৰত ৪৫০ হেক্টৰ, লখিমপুৰ মণ্ডলত ৬৪২ হেক্টৰ, ধেমাজি মণ্ডলত ৩৬৫ হেক্টৰত বৃক্ষৰোপণ কৰা হৈছে বুলি এগৰাকী বিষয়াই জনাইছে।

অসম চৰকাৰে অসামৰিক আৰু আৰক্ষী প্ৰশাসন, এলেকা আৰু বন্যপ্ৰাণী উইঙৰ মাণ্ডলিক বন বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, গাঁওবুঢ়া,  পঞ্চায়তৰ সভাপতিসকল, বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল, ৰে’লৱেৰ ষ্টেশ্যন মাষ্টাৰসকল, গড়কাপ্তানি (পথ) আৰু জিলা পৰিবহণ বিষয়াসকলক লৈ এখন সমন্বয়ক কমিটী গঠন কৰিছে।