NORTHEAST NOW (Assamese)

ক’ৰ’নাত আক্ৰান্তৰ হাৰ হ্ৰাস কৰা ৰাজস্থানৰ ভিলৱাৰা মডেল কি?

April 7, 2020 8:32 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজস্থানৰ ভিলৱাৰাত একেলগে ২৫ টা ক’ৰ’না ভাইৰাছ প’জিটিভৰ ঘটনা পোহৰলৈ অহাৰ পাছত বৰ্তমান ভিলৱাৰাত ক্ৰমাৎ হ্ৰাস পাইছে ক’ৰ’নাত আক্ৰান্ত হোৱাৰ সংখ্যা।

ৰাজস্থান চৰকাৰে ‘ভিলৱাৰা মডেল’ নামৰ এক পৰিকল্পনা গ্ৰহণ কৰাৰ পাছতে ভিলৱাৰাত ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সংখ্যা আচৰিতভাৱে হ্ৰাস পাইচে বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

ভিলৱাৰা মডেল কি?

ভিলৱাৰা হ’ল ৰাজস্থানৰ এটা অঞ্চল য’ত একেলগে ২৫ টা ক’ৰ’না প’জিটিভৰ ঘটনা পোহৰলৈ আহিছিল। ইয়াৰ পাছতে ৰাজস্থান চৰকাৰে ভিলৱাৰাত একেলগে ২০০০ টা দলক নিযুক্ত কৰি মুঠ ২৮ লাখ লোকক ঘৰে ঘৰে গৈ নিৰীক্ষণত ৰাখিছিল।

ভিলৱাৰাত ৩ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ মহা কাৰ্ফিউ ঘোষণা কৰা হৈছে আৰু এই সময়ছোৱাত ভিলৱাৰাৰ কোনো লোক ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব। অঞ্চলটোত নিযুক্ত কৰ্মচাৰী সকলে তেওঁলোকৰ ঘৰে ঘৰে গৈ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব।

উল্লেখযোগ্য যে, বৰ্তমানলৈ ভাৰতত ৪,৫০০ গৰাকীতকৈ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু মুঠ ১২৪ গৰাকী লোকৰ এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

Related News