NORTHEAST NOW (Assamese)

অসম অলিম্পিক সন্থা্ৰ ঘোষণা! ক্ৰীড়া জগতৰ কিংবদন্তি ভোগেশ্বৰ বৰুৱাৰ নামেৰে নতুন ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা

August 29, 2025 5:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 29, 2025 5:37 pm
ফটো সংগৃ্হীত

অসম অলিম্পিক সন্থাই অসমীয়া ক্ৰীড়া জগতৰ কিংবদন্তি ভোগেশ্বৰ বৰুৱাক সন্মান জনাই এক নতুন ক্ৰীড়া বঁটা ঘোষণা কৰিছে। ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা  বঁটাৰ লক্ষ্য হৈছে যুৱ খেলুৱৈসকলক অনুপ্ৰাণিত কৰা আৰু ৰাজ্যৰ শীৰ্ষ কৃতিত্বক উদযাপন কৰা।

গুৱাহাটীত অনুষ্ঠিত উন্মোচন অনুষ্ঠানত ক্ৰীড়াপ্ৰেমী, বিভিন্ন সংগঠনৰ বিষয়াসকলৰ লগতে উপস্থিত থাকে অসমৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গোৰ্লোছা, প্ৰসিদ্ধ বক্সাৰ অংকুশিতা বড়ো আৰু এ অ’ এৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ।

১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথমজন অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাক শ্ৰদ্ধা জনাই এই বঁটা আগবঢ়োৱা হৈছে।  প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হ’ব, য’ত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়াবিদ, জীৱনজোৰা কৃতিত্ব, উদীয়মান ক্ৰীড়াবিদসহ ছটা শাখা অন্তৰ্ভুক্ত থাকিব।

প্ৰথম বঁটা প্ৰদান অনুষ্ঠান ২০২৫ চনৰ ৩ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে। এইঅনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ উপস্থিত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

এ অ’ এয়ে লগতে ঘোষণা কৰিছে যে, ভোগেশ্বৰ বৰুৱাৰ কৃতিত্ব আৰু উত্তৰাধিকাৰ ৰক্ষাৰ বাবে সৰুসজাই ষ্টেডিয়ামৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হ’ব।

ক্ৰীড়া মন্ত্ৰী নন্দিতা গোৰ্লোছাই উন্মোচন অনুষ্ঠানত ভাষণ দি কয়, “এই বঁটাৰ জৰিয়তে অসমত ক্ৰীড়াৰ উৎকৃষ্টতা আৰু বিকাশৰ প্ৰতি আমাদের মনোনিৱেশ প্ৰকাশ পায়। আমাৰ নায়কসকলক সন্মান জনাই আমি আগন্তুক প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ সংস্কৃতি গঢ়ি তোলোঁ।”

Related News