NORTHEAST NOW (Assamese)
অসম

পত্নীৰ ৰঙাচকু! ছুটী নাপালে ঘৈনীয়ে অশান্তি কৰিব বুলি আবেদনত লিখি শাস্তিৰ সন্মুখীন আৰক্ষী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2020 9:51 am
representation image

চাকৰিত ছুটী পোৱাৰ বাবে বহুতেই নানা অজুহাত দাঙি ধৰে। কোনোৱে যদি পৰিয়ালৰ লোকৰ অসুস্থতা, আন কোনোৱে আকৌ নিজৰেই বেমাৰৰ অজুহাত দেখুৱায়। কিন্তু এয়া আকৌ কি?

মধ্য প্ৰদেশৰ এগৰাকী ট্ৰেফিক আৰক্ষীয়ে তেওঁৰ খুলশালীয়েকৰ বিয়াত যোৱাৰ ছুটী বিচাৰি দেখুৱালে এক অদ্ভূত কাৰণ। সেয়া দেখি শীৰ্ষ বিষয়াই ওলোটাই তেওঁক শাস্তিহে বিহিলে।

বাতৰি অনুসৰি, যোৱা ৭ডিচেম্বৰত নিজৰ উচ্চ পদস্থ বিষয়াৰ ওচৰত দিলীপ কুমাৰ আহিৰৱাৰ নামৰ ট্ৰেফিক আৰক্ষীগৰাকীয়ে ছুটীৰ আবেদন দাখিল কৰে।

আবেদনত তেওঁ জনালে যে খুলশালীয়েকৰ বিয়াত যাবলৈ তেওঁক পাঁচদিনৰ ছুটী লাগে। এই আবেদনৰ শেষত এটা সৰু শাৰী লিখিলে যে এই ছুটী নাপালে পত্নীয়ে  কাজিয়া কৰিব। সংসাৰত অশান্তি হ’ব।

দিলীপ কুমাৰৰ ভাষাত,’’মোৰ পত্নীয়ে মোক কৈ দিছে, তেওঁৰ ভায়েকৰ বিয়াত মই নগ’লে ইয়াৰ পৰিণতি বেয়া হ’ব।‘’

এনে কাৰণ দেখুওৱাৰ বাবেই শীৰ্ষ বিষয়াই ট্ৰেফিক আৰক্ষীগৰাকীৰ ওপৰত ক্ষিব্ধ হৈ পৰে। এনেদৰে ছুটীৰ আবেদন জনোৱাৰ বাবেই তেওঁক শাস্তি হিচাপে আৰক্ষী লাইনলৈ বদলি কৰা হয়।

আনহাতে, এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে আচলতে সেই চিঠিৰ বাবে নহয়, দিলীপ কুমাৰ নামৰ ট্ৰেফিক আৰক্ষীগৰাকীৰ কৰ্তব্যৰ প্ৰতি একেবাৰে অনীহা। তেওঁ অলপতে ৫৫দিনৰ ছুটী লৈ যোৱা ২৮ নৱেম্বৰত কৰ্তব্যত যোগদান কৰিছিলহে। তদুপৰি, ইয়াৰ কিছুদিন পূৰ্বেও তেওঁ সাতদিনৰ ছুটী লৈছিল।

এইবাৰ আকৌ নতুনকৈ ছুটী বিচাৰি আবেদন। বাৰে বাৰে ছুটী বিচাৰি আবেদন কৰি শৃংখলা ভংগ কৰাৰ বাবেহে তেওঁক শাস্তি বিহা হৈছে।

দিলীপ কুমাৰৰ এই ছুটীৰ আবেদনৰ কপি ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। বহুতেই ইয়াক লৈ সৰস চৰ্চাও চলাইছে।