NORTHEAST NOW (Assamese)
Uncategorized

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকীত শিলচৰবাসীৰ শ্ৰদ্ধাঞ্জলি

Posted by: অপৰ্ণা লস্কৰ November 5, 2018 5:24 pm
bhupen-hazarika

চিৰবৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যিবাৰ্ষিকী উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো দিনজোৰা কাৰ্যসূচীৰে  শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

শিলচৰ সাহিত্য সভাই দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিলচৰ সাহিত্য সভাৰ সভাপতি সমীৰ মেধিয়ে বিশ্ব বৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধা জনাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

শিলচৰ সাহিত্য সভাৰ সভাপতি সমীৰ মেধিয়ে নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘আজিৰ এই দিনটোত শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আমি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছো। আজিৰ দিনটোৰ লগত সংগতি ৰাখি চিত্ৰাংকন আৰু তৰ্ক প্ৰতিযোগিতাৰ লগতে ভূপেন দাৰ গীততৰ ওপৰত এখন কৰ্মশালাৰো আয়োজন কৰিছো’।

তেওঁ আৰু কয়, ‘বৰ্তমান সময়ত ভূপেন দাৰ গীতৰ ওপৰত বিশদ আলোচনাৰ প্ৰয়োজন। কিয়নো তেওঁৰ গীতে সমগ্ৰ অসমখনকে একতাৰ বান্ধোনেৰে বান্ধিছিল’।

ইফালে কাছাৰ জিলা প্ৰশাসনেও সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  উল্লেখ্য যে আজি ৰাতিপুৱাৰে পৰা বিভিন্ন অঞ্চলত বাজি থকা শিল্পীগৰাকীৰ কালজয়ী গীতৰ সুৰ সমূহে পুনৰ এবাৰ সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলা পৰিলক্ষিত হয়।