NORTHEAST NOW (Assamese)

নামনিত জলপ্ৰলয়ৰ প্ৰধান কাৰণ ভুটানৰ নদীবান্ধ

July 15, 2020 10:08 pm · দীপজ্যোতি শৰ্মা
Updated: July 15, 2020 10:09 pm

বজালী আৰু নামনিৰ কেইবাখনো জিলাত বানপানী প্ৰাকৃতিক কাৰণত হোৱা নাই৷ ইয়াৰ প্ৰধান কাৰণ হ’ল ভুটানৰ কুৰিশ্বু নদীবান্ধ প্ৰকল্প৷

এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ৷

মেধিয়ে কয়, “বৰ্তমান ৬০ মেগাৱাটৰ কুৰিশ্বু নদীবান্ধ প্ৰকল্পৰ পানীয়ে মহাপ্ৰলয়ৰ সৃষ্টি কৰিছে৷ ৩২,০০০ মেগাৱাটৰ প্ৰকল্পই কি ধৰণৰ ধ্বংসলীলা চলাব সেয়া ভাবিলেই ভয় লগা কথা।”

ভাৰতৰ অৰ্থ সাহায্যত ভুটান চৰকাৰে দেশখনেৰে বৈ অহা কেইবাখনো নদীত সৰ্বমুঠ ৩২ হাজাৰ মেগাৱাট বিজুলী উৎপাদনৰ উদ্দেশ্যে বহুকেইটা নদীবান্ধ প্ৰকল্প নিৰ্মাণ কৰি আছে৷

“সেইবোৰ সম্পূৰ্ণ হ’লে, বাৰিষা কালত সেইবোৰ প্ৰকল্পৰ পানী এৰি দিলে নামনি অসম নিশ্চিহ্ন হৈ যাব,” কয় মেধিয়ে।

তেওঁ কয় যে সেই নদী বান্ধসমূহ বন্ধ কৰিবৰ বাবে জনমত গঠন কৰি ভাৰত চৰকাৰ আৰু ভুটান চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব।

Related News